অসম

assam

Bhabesh Kalita criticize Ripun Bora: ৰিপুন বৰাক উভতি ধৰিলে ভবেশ কলিতাই

By

Published : Jul 24, 2022, 5:26 PM IST

সোমবাৰে ৰিপুন বৰাক উভতি ধৰিলে ভবেশ কলিতাই (MLA Bhabesh Kalita criticize Ripun Bora) ৷ তৃণমূল কংগ্ৰেছৰ মন্ত্ৰী কোটি কোটি টকাৰ সৈতে ধৰা পৰাৰ ক্ষেত্ৰত ৰিপুন বৰাই কি কয় বুলি প্ৰশ্ন উত্থাপন কৰে সভাপতি ভবেশ কলিতাই ৷

MLA Bhabesh Kalita criticize Ripun Bora
ৰিপুন বৰাক উভতি ধৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই

ৰঙিয়া,24 জুলাই:দেওবাৰে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক উভতি ধৰিলে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই (MLA Bhabesh Kalita criticize Ripun Bora) ৷ উল্লেখ্য যে. শনিবাৰে ডিমা হাছাওত উপস্থিত হৈ বিজেপিৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছিল অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই (TMC President Ripun Bora) ৷

ৰিপুন বৰাক উভতি ধৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই

ৰিপুন বৰাই দেশত এতিয়া হিটলাৰী শাসন চলিছে বুলি মন্তব্য কৰি বিজেপি দল বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিৰোধী দলে মাত মাতিলে এতিয়া চিবিআই, ইডি, ইনকাম টেক্স আদিৰ আওতালৈ নি তথা যিকোনো প্ৰকাৰে দেশদ্ৰোহিতাৰ দৰে গোচৰ জাপি দিয়া হয় বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৰিপুন বৰাই (Ripun Bora criticize BJP) ৷

তাৰোপৰি বিজেপি চৰকাৰক এক জনবিৰোধী চৰকাৰ বুলিও আখ্যা দি নেতাগৰাকীয়ে দেশৰ সংবিধান, গণতন্ত্ৰ আৰু লোকতন্ত্ৰক ধ্বংস কৰাৰ চেষ্টা চলাই অহা বুলিও মন্তব্য কৰিছিল সভাপতিগৰাকীয়ে ৷ এই বিস্ফোৰক মন্তব্যৰ পিছতে ৰিপুন বৰাক উভতি ধৰি ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কোৱা কোনো ব্যক্তিক কোনেও দুৰ্ব্যৱহাৰ কৰা নাই । কোনো ধৰণৰ কোনো আইনী প্ৰক্ৰিয়াত লোৱা হোৱা নাই । তেওঁলোকে নিজে পাপ কাম কৰিব, দুৰ্নীতি কৰিব, ভ্ৰষ্টাচাৰ কৰিব তেওঁলোকক ৰেহাই দিব লাগিব নেকি ! ৰিপুন বৰাৰ অপকৰ্মক ৰেহাই দিম নেকি !’’ বুলি প্ৰশ্ন উত্থাপন কৰে ৷

লগতে তেওঁ তৃণমূল কংগ্ৰেছৰ মন্ত্ৰীক কোটি কোটি টকাৰ সৈতে হাতে লোটে ধৰা পৰাৰ ক্ষেত্ৰত ৰিপুন বৰাই কি কয় বুলিও মন্তব্য কৰে ৷ ইয়াৰ লগতে পশ্চিমবংগৰ শিক্ষামন্ত্ৰীক দেওবাৰে দুই নম্বৰী কামত জড়িত থকাৰ তথ্য লাভ কৰি ই ডিয়ে গ্ৰেপ্তাৰ কৰা কৰিছে বুলিও উল্লেখ কৰে সভাপতি কলিতাই ।

ভাৰতবৰ্ষত যেতিয়া কেচলেচ হৈ আছে তেনে সময়তে কোটি কোটি টকা তেওঁলোকৰ গৃহত কেনেকৈ পালে ! তাৰ স্পষ্টীকৰণ ৰিপুন বৰাই অসমবাসী তথা ভাৰতবাসীক জনাওক বুলিও কয় ভবেশ কলিতাই ।

লগতে পঢ়ক:TMC membership drive: দেশত এতিয়া হিটলাৰী শাসন চলিছে: ৰিপুন বৰা

ABOUT THE AUTHOR

...view details