যোৰাবাট,১৬ এপ্ৰিলঃ পুনৰ বনকৰা যুৱতীৰ ওপৰত নিৰ্যাতনৰ ঘটনা । ৰাৱাট উপাধিৰ এগৰাকী যুৱতী মঙলবাৰে যোৰবাট উৰণীয়া সেঁতুৰ তলত উদ্ধাৰ হোৱাৰ পাচতেই পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা । চিআৰপিএফৰ পৰিদৰ্শক নিতু ৰাৱাটৰ কোৱাৰ্টাৰত বিগত এবছৰ ধৰি কাম কৰি থকা যুৱতীগৰাকীক দীৰ্ঘদীন ধৰি অকথ্য নিৰ্যাতন চলাই আহিছিল চিআৰপিএফ পৰিদৰ্শক নিতু ৰাৱাটে ৷ নিৰ্যাতন সহ্য কৰিব নোৱাৰি যুৱতীগৰাকীয়ে ন মাইল চিআৰপিএফ কেন্দ্ৰৰ পৰা মঙলবাৰে পলায়ন কৰে ৷ যুৱতীগৰাকীয়ে যোৰাবাট উৰণীয়া সেঁতুৰ সমীপত বহু সময় ধৰি অনাই-বনাই ঘূৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি যোৰাবাট আৰক্ষীক খবৰ দিয়ে ৷ উল্লেখযোগ্য যে, বনকৰা যুৱতীগৰাকী উত্তৰাখণ্ডৰ পৌৰি গৰৱাল জিলাৰ নিৱাসী বুলি জানিব পৰা গৈছে । পিতৃ-মাতৃৰ মৃত্যুৰ পিছত উত্তৰাখণ্ডত নিজ মামী শকুন্তলা দেৱীৰ ঘৰত আছিল যুৱতীগৰাকী । আনহাতে ১৫ বছৰ বয়সত চিআৰপিএফ পৰিদৰ্শক নিতু ৰাৱাটৰ ঘৰত কাম কৰাৰ বাবে ৰাখিছিল যুৱতীগৰাকীক ।
বহি:ৰাজ্যৰ বনকৰা যুৱতীৰ ওপৰত নিৰ্যাতন চি আৰ পি এফ বিষয়াৰ - পৌৰি গৰৱাল জিলা
উত্তৰাখণ্ডৰ পৌৰি গৰৱাল জিলাৰ যুৱতীগৰাকী পলায়ন কৰি যোৰাবাট উৰণীয়া সেঁতুৰ তলত আশ্ৰয় লৈ থকা অৱস্থাত উদ্ধাৰ ।
বহি:ৰাজ্যত নিৰ্যাতিত অসমৰ যুৱতি
আনহাতে যোৰৰাবাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ কোনো তদন্ত নকৰাকৈয়ে আন এগৰাকী চিআৰপিএফ বিষয়াৰ হাতত চমজাই দিয়ে যুৱতীগৰাকীক।