অসম

assam

By

Published : Jul 23, 2021, 9:44 PM IST

ETV Bharat / state

জলসম্পদ বিভাগৰ পৰ্যালোচনা সভাত মন্ত্ৰী পীযুষ হাজৰিকা

জলসম্পদ বিভাগৰ (Irregation Department) অভিযন্তাসকলক সামাজিক দায়বদ্ধতা মানি কাম কৰিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ (Piyush Hazarika)। অসমৰ মূল সমস্যা বানপানী আৰু খহনীয়া প্ৰতিৰোধ জলসম্পদ বিভাগৰ বিষয়াসকলৰ ওপৰতে বহুখিনি নিৰ্ভৰ কৰে বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

minister-piyush-hazarika-participated-in-water-resource-review-meeting
জলসম্পদ বিভাগৰ পৰ্যালোচনা সভাত মন্ত্ৰী পীযুষ হাজৰিকা

গুৱাহাটী, 23 জুলাই : অসম চৰকাৰৰ জলসম্পদ বিভাগৰ (Irregation Department) মন্ত্ৰী পীযুষ হাজৰীকাই (Piyush Hazarika) শুকুৰবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত অসম জল ভৱনৰ সভাগৃহত বিভাগৰ এখন পৰ্যালোচনা সভাত অংশ লয় ৷ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে অতিৰিক্ত মুখ্য অভিযন্তা সকলৰ লগতে ৰাজ্যৰ কাৰ্যবাহী অভিযন্তাসকলক উদ্দেশ্যি বিভাগটোক অধিক ৰূপত কাৰ্যক্ষম কৰিবলৈ সকলোকে সষ্টম হৈ থাকি কাম কৰিবলৈ আহ্বান জনায় ৷ বিভাগৰ অভিযন্তাসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁলোকৰ ওপৰতে অসমৰ এটা ডাঙৰ সমস্যাৰ সমাধান নিৰ্ভৰ কৰিছে ৷

জলসম্পদ বিভাগৰ পৰ্যালোচনা সভাত মন্ত্ৰী পীযুষ হাজৰিকা

আনহাতে, জলসম্পদ বিভাগটোৱে বানপানীৰ সময়ত সাময়িকভাৱে কৰা কামৰ বাবে ভুল বুজাবুজিৰে সাধাৰণ ৰাইজৰ মাজত বিভাগটোৰ এটা ঋণাত্মক ছবি থকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অভিযন্তাসকলক সামাজিক দায়বদ্ধতা মানি চলি কাম কৰিবলৈ আহ্বান জনায় ৷ ঠিকাদাৰৰ কথামতে বিভাগীয় কাম কৰা নহ'ব বুলিও নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ যে, এইবাৰ বাজেটত 1000 কিল'মিটাৰ দৈৰ্ঘৰ মথাউৰীৰ ওপৰত লোকনিৰ্মাণ বিভাগৰ উদ্যোগত পকী পথ নিৰ্মাণ কৰিবলৈ লোৱা প্ৰসংগতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইয়াৰ বাবে বিভাগীয় অভিযন্তাসকলক সাতদিনৰ ভিতৰত পকী পথ নিৰ্মাণ কৰিবলগা সম্ভাব্য মথাউৰীবোৰৰ তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ৷ আনহাতে বিভাগীয় বিষয়া আৰু অভিযন্তাসকলৰ চাকৰি বদলীকৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম নহ'ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইফালে অসমৰ মূল সমস্যা বানপানী আৰু খহনীয়া প্ৰতিৰোধ জলসম্পদ বিভাগৰ বিষয়াসকলৰ ওপৰতে নিৰ্ভৰ কৰে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ যাৰ বাবে কামৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

জলসম্পদ বিভাগৰ পৰ্যালোচনা সভাত মন্ত্ৰী পীযুষ হাজৰিকা

আনহাতে, অসমত বাৰিষাৰ সময়ত প্ৰায় চাৰি মাহ সময় বিভাগীয় বিষয়া কৰ্মচাৰীসকল সষ্টম হৈ থাকিলে বানপানী বহুখিনি নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি উল্লেখ কৰি এই ক্ষেত্ৰত সকলোকে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে ৷ ইয়াৰোপৰি বিভাগৰ অধীনত বানপানী আৰু খহনীয়া ৰোধৰ স্থায়ী কামখিনি প্ৰতি বছৰে নৱেম্বৰ মাহৰ ভিতৰত আৰম্ভ কৰি মে' মাহৰ আগে আগে শেষ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাসকলক নিৰ্দেশ দিয়ে ৷ লগতে জলসম্পদ বিভাগৰ অধীনত কাম কৰা ঠিকাদাৰসকলৰ সৈতে মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে সকলো কাম সময় মতে শেষ কৰিবলৈ সকলোকে নিৰ্দেশ দিয়ে ৷

ঠিকাদাৰ সকলৰ পৰা তেঁওলোকৰ সমস্যাবিলাকৰ বিষয়ে জানি লৈ এইবোৰ সমাধানৰ বাবে বিভাগীয় পদক্ষেপ গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ জলসম্পদ বিভাগৰ কাম আবন্টন দিয়াৰ ক্ষেত্ৰত ঠিকাদাৰ সকলৰ পুৰণি কাম চাইহে সিদ্ধান্ত লোৱা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে বিগত সময়খিনিত প্ৰশাসনিক কাম সৰলীকৃত কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ৷ সেইদৰে জলসম্পদ বিভাগৰ ক্ষেত্ৰতো প্ৰশাসনিক কাম সৰলীকৃত কৰাৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷

মূলতঃ চৰকাৰৰ "বানমুক্ত অসম"ৰ সপোনক বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত বিভাগীয় বিষয়া, অভিযন্তা আৰু ঠিকাদাৰ সকলোকে নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷ এই পৰ্যালোচনা সভাখনত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আব্বাচি, বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ (FREMMA)ৰ মুখ্য কাৰ্যবাহী বিষয়া আকাশ দ্বীপ, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰচিং ৰংপি, অতিৰিক্ত মুখ্য অভিযন্তাসকল, কাৰ্যবাহী অভিযন্তাসকল আৰু অসমৰ বিভিন্ন প্ৰান্তৰ জলসম্পদ বিভাগৰ অধীনত কাম কৰা ঠিকাদাৰসকল উপস্থিত আছিল ৷

লগতে পঢ়কঃধুমুহাৰ কৱলত সত্ৰভূমি মাজুলী: সা-সম্পত্তি আৰু পশুধনৰ ক্ষতি

ABOUT THE AUTHOR

...view details