অসম

assam

ETV Bharat / state

জলসম্পদ বিভাগৰ দায়িত্ব লৈয়ে মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

জলসম্পদ বিভাগৰ দায়িত্ব গ্ৰহণ কৰিয়েই মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ 20 দিনৰ ভিতৰত নিৰ্মীয়মান মথাউৰিৰ কাম সম্পূৰ্ণ নহ'লে ঠিকাদাৰক ব্লেক লিষ্টেট কৰাৰ কথা ঘোষণা মন্ত্ৰী পীযুষ হাজৰিকাৰ ।

By

Published : May 16, 2021, 7:10 PM IST

জলসম্পদ বিভাগৰ দায়িত্ব লৈয়ে মথাউৰি পৰিদৰ্শন মন্ত্ৰী পিয়ুষ হাজৰিকাৰ
জলসম্পদ বিভাগৰ দায়িত্ব লৈয়ে মথাউৰি পৰিদৰ্শন মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

বাইহাটা, 16 মে’:জলসম্পদ বিভাগৰ দায়িত্ব গ্ৰহণ কৰি প্ৰথমটো মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । কামৰূপৰ আঠগাঁৱত পুঠিমাৰী নৈত মথাউৰি পৰিদৰ্শন কৰি 20 দিনৰ ভিতৰত নিৰ্মীয়মান মথাউৰিৰ কাম সম্পূৰ্ণ নহ'লে ঠিকাদাৰক ব্লেক লিষ্টেট কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।

জলসম্পদ বিভাগৰ দায়িত্ব লৈয়ে মথাউৰি পৰিদৰ্শন মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

উল্লেখ্য যে, নৈপৰীয়া ৰাইজৰ জীৱনক লৈ হেতালি খেলিলে ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব বুলিও মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে ৷ আনকি, তেনে ঠিকাদাৰক জলসম্পদ বিভাগতে নহয় ৰাজ্য চৰকাৰৰ কোনো বিভাগতে ঠিকা নিদিয়াৰ হুংকাৰ প্ৰদান কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ আনহাতে, শৈলেন শৰ্মা নামৰ ঠিকাদাৰ গৰাকীৰ নিম্ন মানদণ্ড আৰু লেহেমীয়া কামৰ বাবে ক্ষোভ প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ।

জলসম্পদ মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি, পুঠিমাৰী নৈৰ ভগ্ন মথাউৰিৰ ৪৮ কিলোমিটাৰৰ নিৰ্মাণ কাৰ্য চলি আছে প্ৰায় ৬৯ কোটি টকাৰে । নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি কামৰ লেহেমীয়া গতি ক্ষীপ্ৰতৰ কৰাৰ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে ।

ৰাজ্যজুৰি চলি থকা মথাউৰিৰ নিৰ্মাণকাৰ্য আগন্তুক 20 দিনত সম্পূৰ্ণ নহ'লে নৈ পৰীয়া ৰাইজৰ সমস্যাৰ সন্মুখীন হ'ব বুলি মত প্ৰকাশ মন্ত্ৰী গৰাকীৰ । আনকি আগন্তুক বৰ্ষৰ পৰা মথাউৰিৰ নিৰ্মাণকাৰ্য নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কেবিনেট মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক:নিশা আঢ়ৈ বজাত জিএমচিএইচত কিয় উপস্থিত হ'ল মুখ্যমন্ত্ৰী ?

ABOUT THE AUTHOR

...view details