অসম

assam

ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা দুৰ্নীতিমুক্ত নহয়ঃ চিপিআইএম(এম)

By

Published : Nov 1, 2020, 12:51 PM IST

ৰঙিয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতা দুৰ্নীতিমুক্ত নহয় ৷ এই মন্তব্য চিপিআইএম(এম)ৰ কামৰূপ জিলা সম্পাদক মণ্ডলীৰ সদস্য বিবেকানন্দ অধিকাৰীৰ ৷

ৰঙিয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতা দুৰ্নীতিমুক্ত নহয়
ৰঙিয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতা দুৰ্নীতিমুক্ত নহয়

ৰঙিয়া, 1 অক্টোবৰ :"ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাৰ গাত দুৰ্নীতিৰ দাগ আছে । অসম আৰক্ষীৰ উপ-পৰিদৰ্শক কেলেংকাৰীৰ লগতে জলসিঞ্চন বিভাগৰ চাকৰিৰ কেলেংকাৰীত ভৱেশ কলিতাৰ নাম সাঙোৰ খোৱাৰ পিছত কমিউনিষ্ট সকলক দুৰ্নীতিগ্ৰস্ত বুলি কোৱাৰ তেওঁৰ কোনো অধিকাৰ নাই ।" ৰঙিয়া প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত এই মন্তব্য কৰে চিপিআই(এম)ৰ কামৰূপ জিলা সম্পাদক মণ্ডলীৰ সদস্য বিবেকানন্দ অধিকাৰীয়ে ।

ৰঙিয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতা দুৰ্নীতিমুক্ত নহয়

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আৰু অৰুণোদয় আঁচনিক গেৰুৱাকৰণৰ অভিযোগ কৰি তেওঁ কয় যে বিজেপিহে সাম্প্ৰদায়িক, বামপন্থীসকল নহয় । আনহাতে ভৱেশ কলিতাৰ পাঁচবছৰীয়া কাৰ্য্যকালৰ দীঘলীয়া সময়ছোৱা শেষ হ'বলৈ ওলোৱা স্বত্ত্বেও ৰঙিয়াৰ বৃহৎ বস্ত্ৰ উদ্যোগ এপ'ল মিলটো পুনৰ কাৰ্য্যক্ষম কৰি তুলিবলৈ সক্ষম নহ'ল । এয়া ভৱেশ কলিতাৰ ব্যৰ্থতা বুলি অভিহিত কৰি বিবেকানন্দ অধিকাৰীয়ে কয় যে ভৱেশ কলিতা এজন দায়িত্বজ্ঞানহীন মন্ত্ৰী ৷

লগতে পঢ়ক :ৰাইজ ইউপিপিএলৰ প্ৰতি আকৰ্ষিত নহয় : দেৰহাছাত বসুমতাৰী

ABOUT THE AUTHOR

...view details