ৰঙিয়া,১৮ নৱেম্বৰ :কামৰূপ জিলাৰ ৰঙিয়াত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্যনেল চমুকৈ ভি পি আই (VPI) দলৰ বৃহৎ সভা । বিশ্ব দৰ্শন দিৱস আৰু ভি পি আই দলৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় শান্তি আৰু অংশীদাৰিত্ব মহাৰেলী (Participation and peace rally) শীৰ্ষক বিশেষ কাৰ্যসূচীৰ । এই অনুষ্ঠানত উপস্থিত থাকি দলটোৰ প্ৰতিষ্ঠাপক অধ্যক্ষ (Director of VPI) ভৰত গান্ধীৰ বিস্ফোৰক মন্তব্য । তেওঁৰ মতে অন্য দলৰ নিচিনাকৈ ভি পি আই দলৰ পৰা অথবা নেতাৰ পৰা টকা দিয়া নহয় ভোটাৰসকলক (Voter) ।
ভোটাৰসকলৰ পৰাহে টকা সংগ্ৰহ কৰে ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্যনেল (Voters Party International) নামৰ ৰাষ্ট্ৰীয় দলটোৱে । তেওঁ উল্লেখ কৰা মতে নেতাৰ পৰা টকা বিচাৰে বাবেই সাধাৰণ জনতাৰ এনে দুৰ্দশা হৈছে । ৰাজনৈতিক নেতাসকলক অধিবক্তা (Advocate) হিচাপে ভাবিবলৈ আহ্বান নেতাগৰাকীৰ । লগতে অধিবক্তাক যিধৰণে এগৰাকী ক্লাইন্টে ধন দিয়ে তেনেদৰে নেতাসকলকো ৰাইজে ধন দিব লাগে বুলি আচৰিত মন্তব্য কৰে দলৰ প্ৰতিষ্ঠাপক অধ্যক্ষগৰাকীয়ে ।