বাইহাটা, 20 জুন : বাৰিষা আহিলেই দুখে কুলাই পাচিয়ে নধৰা হয় নৈ পৰীয়া ৰাইজৰ । বানে কোন মুহুৰ্তত নৈৰ মথাউৰি চিঙি ঘৰ-বাৰী উচন কৰে তাৰ কোনো নিশ্চয়তা নাথাকে । বছৰি বাৰিষাৰ বানত ক্ষতিগ্ৰস্ত হয় নৈ পাৰৰ ৰাইজ ৷ সেয়ে বাৰিষা অহাৰ লগে লগে নৈ পৰীয়া সকল দিনে-নিশাই ব্যস্ত হৈ থাকে মথাউৰি ৰক্ষাৰ নামত । বিয়াগোম জলসম্পদ বিভাগলৈ অপেক্ষা নকৰি ৰাইজেই গছ-বন কাটি নৈৰ সোঁত প্ৰতিৰোধ কৰিবৰ বাবে চেষ্টা চলাইছে ৰাজ্যৰ ভিন্ন স্থানত ।
কালৰূপ লৈছে পুঠিমাৰী নৈৰ খহনীয়াই - জলসম্পদ বিভাগ
কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সোনেশ্বৰৰ আজাৰা গাঁৱত পুঠিমাৰি নৈয়ে প্ৰতিবছৰে তাণ্ডৱ চলাই আহিছে । এইবেলিও ভয়ংকৰ ৰূপ লৈছে পুঠিমাৰি নৈয়ে ৷ মাত্ৰ তিনি মিটাৰমান খহনীয়া হ'লেই পুঠিমাৰি নৈৰ বুকুত জাহ যাব অঞ্চলটোৰ ৰক্ষাকৱচ হিচাপে থকা মথাউৰিটো ।
কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সোনেশ্বৰৰ আজাৰা গাঁৱতো পুঠিমাৰি নৈয়ে প্ৰতিবছৰে তাণ্ডৱ চলাই আহিছে । নৈৰ জলপৃষ্ঠ বাঢ়ি অহাৰ লগে লগে ৰাইজ ব্যস্ত হৈ পৰে গছ-বন কাটি নৈ প্ৰবল সোঁত প্ৰশমিত কৰি খহনীয়া প্ৰতিৰোধ কৰাত । এইবেলি ভয়ংকৰ ৰূপ লৈছে পুঠিমাৰি নৈয়ে ৷ মাত্ৰ তিনি মিটাৰমান খহনীয়া হ'লেই পুঠিমাৰি নৈৰ বুকুত জাহ যাব অঞ্চলটোৰ ৰক্ষাকৱচ হিচাপে থকা মথাউৰিটো ।
নৈ পৰীয়া বাসিন্দা সকলৰ অভিযোগ অনুসৰি বাৰিষা আহিলেহে উপস্থিত হয় জলসম্পদ বিভাগৰ কৰ্মচাৰীসকল । খৰালি কালত কুম্ভকৰ্ণ নিদ্ৰাত থাকে জলসম্পদ বিভাগৰ বৰমূৰীয়া সকল । উল্লেখ্য যে, যদিহে পুঠিমাৰি নৈয়ে এই স্থানত মথাউৰি ছিঙি নিয়ে, তেতিয়াহলে কমলপুৰ , জালুকবাৰী আৰু হাজো সমষ্টিৰ দুশতকৈও অধিক গাঁও ক্ষতিগ্ৰস্ত হ'ব । সেয়ে পুঠিমাৰি নৈৰ মথাউৰিৰ আজাৰাৰ এই অংশৰ এক স্থায়ী সমাধান বিচাৰিছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক :কলিয়াবৰত পুনৰ দুজনৰ দেহত কোভিড-19 পজিটিভ