অসম

assam

ETV Bharat / state

বকোৰ ৰায়পাৰাত ভয়ংকৰ অগ্নিকাণ্ড

বকোৰ ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল পাকঘৰ ৷ বকোৰ ৰায়পাৰাত সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ ৷ অগ্নি নিৰ্বাপক বাহিনী আহি ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই স্থানীয় ৰাইজক সহযোগত জুই নিৰ্বাপন ৷

massive fire broke out at raipara in boko
বকোৰ ৰায়পাৰাত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Jan 6, 2021, 4:50 PM IST

বকো, 6 জানুৱাৰী:মঙলবাৰে নিশা বকোৰ ৰায়পাৰাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ মঙলবাৰে নিশা সংঘটিত এই অগ্নিকাণ্ডত ৰায়পাৰাৰ ৰাজা চৌধুৰী নামৰ লোকজনৰ পাকঘৰটো সম্পূৰ্ণৰূপে জাহ যায় বুলি জানিব পৰা গৈছে ৷ ৰাজা চৌধুৰীৰ বাসগৃহত হঠাৎ সূত্ৰপাত হোৱা এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে উক্ত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি গৃহস্থই সন্দেহ প্ৰকাশ কৰিছে ৷

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে উক্ত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ

জানিব পৰা মতে ভোক্তভুগী ৰাজা চৌধুৰীয়ে হাঁহ-কুকুৰা বিক্ৰী কৰি পৰিয়ালটো পোহপাল দি আহিছে ৷ উক্ত অগ্নিকাণ্ডৰ ফলত কিছুসংখ্যক কুকুৰাৰো মৃত্যু হোৱাত দৰিদ্ৰ পৰিয়ালটো এতিয়া দুখত ভাগি পৰিছে ৷

উল্লেখ্য যে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পাছতে অঞ্চলটোত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু জুই নিৰ্বাপনৰ বাবে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় ৷ কিন্তু অগ্নি নিৰ্বাপক বাহিনী আহি ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই স্থানীয় ৰাইজে মিলি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

অগ্নিকাণ্ডৰ ফলত কুকুৰাৰ মৃত্যু

উক্ত ঘটনাত কোনো লোক আহত হোৱা নাই যদিও বিদ্যুত বিভাগৰ চৰম গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে ৷

লগতে পঢ়ক:শিলচৰত অগ্নিকাণ্ডত ভস্মীভূত ব্যৱসায়িক প্ৰতিষ্ঠান

ABOUT THE AUTHOR

...view details