ৰঙিয়া, 19 অক্টোবৰ : ৰঙিয়া নগৰত অৱস্থিত স্পৰ্শ হাস্পতাল(Sparsh Hospital)ৰ আৱাসগৃহ(Hostel)ত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড(Fire Incident) ৷ আৱাস গৃহটোৰঅট্টালিকাৰ এটা কোঠালীত সংঘটিত হোৱা এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ভষ্মীভূত হয় লক্ষাধিক টকাৰ সা-সামগ্ৰী ৷ লগতে হাস্পতালখনৰ ৰোগীসকলৰ বাবে প্ৰস্তুত কৰা আহাৰবোৰো বিনষ্ট হয় ৷
জানিব পৰা মতে, ৰোগীসকলৰ বাবে স্পৰ্শ হাস্পতালৰ কৰ্মচাৰীয়ে নিশাৰ আহাৰ বনাই থকাৰ সময়তে জুইৰ সূত্ৰপাত ঘটে । চিলিণ্ডাৰৰ বিজুতি ঘটি এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাচতে হাস্পতালখনৰ কৰ্মচাৰীসকলে জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা কৰে ৷