অসম

assam

ETV Bharat / state

Mass signature campaign: ৰঙিয়াত উৰণীয়া সেঁতু নিৰ্মাণৰ দাবীত গণ স্বাক্ষৰ অভিযান

ৰঙিয়াৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ ৰে'ল গেটত উৰণীয়া সেঁতু নিৰ্মাণ কৰাৰ দাবীত সোমবাৰৰ পৰা আৰম্ভ হৈছে গণ স্বাক্ষৰ অভিযান (Demand for flyover at Rangia)। সকলো ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনে ৰে'লৱে লেভেল ক্ৰ'ছিঙত এখন উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে জনাইছে দাবী ।

By

Published : Nov 7, 2022, 1:37 PM IST

Mass signature campaign
ৰঙিয়াত উৰণীয়া সেতু নিৰ্মাণৰ দাবীত গণ স্বাক্ষৰ অভিযান

ৰঙিয়া, ৭ নৱেম্বৰ:ৰঙিয়াত এখন উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে ৰাইজে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে । বিশেষকৈ ৰঙিয়াৰ তিনিআলিৰ ৰে'লৱে লেভেল ক্ৰ'ছিঙত এখন উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে ৰাইজে দাবী জনাই আহিলেও চৰকাৰে আজিলৈকে এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই । সেয়েহ ৰে'লৱে লেভেল ক্ৰ'ছিঙত এখন উৰণীয়া সেঁতু নিৰ্মাণৰ দাবীত আৰম্ভ হৈছে গণ স্বাক্ষৰ অভিযান (Mass signature campaign at Rangia) ।

ৰঙিয়াৰ সোঁমাজেৰে যোৱা ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ ৰে'ল গেটৰ ওপৰত এখন উৰণীয়া সেঁতু নিৰ্মাণ কৰাৰ দাবীত সোমবাৰৰ পৰা আৰম্ভ হৈছে এই অভিযান (Public demand for flyover at Rangia) । ৰাইজে অভিযোগ কৰা অনুসৰি তিনিআলিত থকা এই ৰে'ল গেটখন বন্ধ হোৱাৰ সময়ত ৰাইজে যাতায়তৰ নামত দুৰ্ভোগ ভুগি আহিব লগীয়া হৈছে ।

ৰঙিয়াত উৰণীয়া সেতু নিৰ্মাণৰ দাবীত গণ স্বাক্ষৰ অভিযান

এই আন্তঃৰাষ্ট্ৰীয় পথটোৰে ৰঙিয়া, বাক্সা, নলবাৰী, ওডালগুৰিৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰো হেজাৰ হেজাৰ গাড়ী নিতৌ অহা-যোৱা কৰে । আন্তঃৰাষ্ট্ৰীয় পথটোৰ সো-মাজেৰে ৰঙিয়া-মূৰ্কংচেলেকলৈ যোৱা ৰে'ল পথটোৰে সঘনে ৰে'ল যাতায়ত কৰাত সৰ্বসাধাৰণ ৰাইজৰ যাত্ৰা বিঘ্নিত হৈ আহিছে (Demand for flyover at railway level crossing)। শেহতীয়াকৈ অসম চৰকাৰৰ বাজেট অধিবেশনত ৰঙিয়া নগৰত তিনিখনকৈ উৰণীয়া সেঁতু নিৰ্মাণৰ অনুমোদন লাভ কৰিছে । এনে সময়তে অতিকৈ গুৰুত্বপূৰ্ণ তিনিআলিটোত এখন উৰণীয়া সেঁতুৰ নিৰ্মাণৰ দাবীৰে সৰৱ হৈ পৰিছে ৰঙিয়াৰ ৰাইজ ।

উল্লেখ্য় যে বিভিন্ন সময়ত ৰে'ল গেট বন্ধ হৈ থকাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ । বিশেষকৈ চিকিৎসাজনিত কাৰণত অহা ৰোগীৰ এম্বুলেন্সতে মৃত্যু হোৱা ঘটনাও সংঘটিত হৈছে । যান-জঁটৰ মাজতে ৰে'ল গেট পৰা হ'বলৈ চেষ্টা কৰোতেই বিভিন্ন সময়ত দুৰ্ঘটনাও সংঘটিত হৈ আহিছে ।

ইপিনে, নানা সমস্যাৰে ভাৰাক্ৰান্ত ৰে'ল গেটৰ উপৰত উৰণীয়া সেঁতু নিৰ্মাণৰ বিৰোধিতাৰে একাংশ মুষ্টিমেয় লোকে বিভিন্ন সময়ত বাধা আৰোপ কৰি আহিছে । ইয়াৰ বিপৰীতে বৃহত্তৰ স্বাৰ্থত ৰঙিয়াত ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন নিৰ্বিশেষে সকলোৱে ৰে'লৱে লেভেল ক্ৰ'ছিঙত এখন উৰণীয়া সেঁতু নিৰ্মাণৰ দাবী জনাইছে । অতি শীঘ্ৰে দাবী মানি নল'লে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেলপথ অৱৰোধ কৰাৰো হুংকাৰ দিছে ৰাইজে ।

লগতে পঢ়ক:LSA organized awareness meeting: বিশ্বনাথ জিলা আইন সেৱা প্ৰাধীকৰণৰ উদ্যোগত সজাগতা সভা

ABOUT THE AUTHOR

...view details