অসম

assam

By

Published : Jun 13, 2020, 5:07 PM IST

ETV Bharat / state

শ্বহীদক অপমান বিজেপি চৰকাৰৰ

দেশ মাতৃৰ হকে প্ৰাণ বিসৰ্জন দিয়া শ্বহীদকো অপমান ৰাজ্যৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰে । শ্বহীদৰ নশ্বৰ দেহৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অসাৰ কামৰূপৰ কমলপুৰত ।

শ্বহীদক অপমান শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ
শ্বহীদক অপমান শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ

কামৰূপ, 13 জুনঃ দেশৰ বাবে প্ৰাণ ত্যাগ কৰা শ্বহীদ সুনীল কলিতাৰ পত্নীৰ বিস্ফোৰক অভিযোগ । মাওবাদীৰ বোমা বিস্ফোৰণ নিহত হোৱা সুনীল কলিতাৰ পত্নীয়ে যোৱা এবছৰে নাপালে কোনো ধৰণৰ সংস্থাপনৰ সুবিধা । আনকি শ্বহীদৰ পৰিয়ালটোৱে যোৱা এটা বছৰে কেনেদৰে জীৱন-নিৰ্বাহ কৰিছে তাকো চৰকাৰে খবৰ ল'বলৈ আহৰি নাপালে বুলি অভিযোগ উত্থাপন কৰিছে শ্বহীদগৰাকীৰ পত্নীয়ে ।

শ্বহীদক অপমান বিজেপি চৰকাৰৰ

ইপিনে যোৱা এবছৰে শ্বহীদগৰাকীৰ পৰিয়ালক দিয়া আশ্বাস কিয় পূৰণ কৰা নহ'ল এই বিষয়ে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত অহা এবছৰৰ ভিতৰত সকলো আশ্বাস পূৰণ কৰা হ'ব বুলি উল্লেখ কৰে সেনাৰ চিআৰপিএফ বিষয়াগৰাকীয়ে ।

আনহাতে এই সন্দৰ্ভত কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতায়ো অতি কম সময়ৰ ভিতৰতে শ্বহীদ পৰিয়ালৰ সকলো সমস্যা সমূহ দূৰ কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে ।

লগতে চাওকঃ প্ৰধান শিক্ষক নাছিৰ উদ্দিনক আৰক্ষীয়ে আটক কৰিলে কিয়?

ABOUT THE AUTHOR

...view details