বানপানীৰ বাবেই বাতিল বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান
ভৈৰাতোলা নৈৰ বাঢ়নী পানীয়ে বুৰালে বিবাহস্থলী ৷ বাতিল অভ্যৰ্থনা অনুষ্ঠান ৷ নিশা ধৰ্মীয় পৰম্পৰাৰে সম্পন্ন নিকাহ ৷
হাজো, 13 জুলাই : হাজোৰ মেলেকীপাৰাৰ ওচৰেৰে বৈ যোবা ভৈৰাতোলা নৈৰ বাঢ়নী পানীয়ে বুৰালে বিবাহস্থলী ৷ যাৰ বাবে বিবাহৰ অভ্যৰ্থনাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিও বিবাহৰ দিনটোত অভ্যৰ্থনা পৰ্ব বাতিল কৰিবলগীয়া হয় পৰিয়ালবৰ্গই । হাজোৰ মেলেকীপাৰা কইনা আমেনা বেগমক নলবাৰীৰ জাহাৰ ৰুবুল আলীৰ লগত বিবাহৰ দিন ঠিক কৰা হৈছিল যদিও ভৈৰাতোলা নৈৰ বাঢ়নী পানীয়ে সমগ্ৰ অঞ্চল বুঢাই পেলোৱাত অভ্যৰ্থনা অনুষ্ঠান বাতিল কৰিবলগীয়া হয় । যদিও পূৰ্বে ঠিক কৰা অনুসৰিয়েই নিশা ধৰ্মীয় পৰম্পৰাৰে সম্পন্ন কৰা হয় নিকাহ ৷