অসম

assam

অসমত সৰ্প দংশনৰ উপযুক্ত চিকিৎসা প্ৰদানত ব্যৰ্থ স্বাস্থ্য বিভাগ

By

Published : Aug 24, 2022, 1:06 PM IST

Updated : Aug 24, 2022, 8:17 PM IST

চৰজমিন অনুসন্ধানত কি পালে বিশিষ্ট সমাজকৰ্মী দিব্যজ্যোতি শইকীয়াই । সৰ্পই দংশন কৰা লোকৰ চিকিৎসাৰ বাবে অসমৰ বিভিন্ন চিকিৎসালয়ত নাই উপযুক্ত চিকিৎসা ব্যৱস্থা (lack of treatment of snakebite people in Assam) । উপলব্ধ নহয় প্ৰয়োজনীয় ঔষধ । স্বাস্থ্য বিভাগৰ গুৰুত্বহীনতাক লৈ উদ্বিগ্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ কৰ্মী ড° দিব্যজ্যোতি শ‍ইকীয়া ।

snake bite
snake bite

গুৱাহাটী, ২৪ আগষ্ট : ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে (government schemes for health sector) যদিও কিছুমান স্পৰ্শকাতৰ বিষয়ত স্বাস্থ্য বিভাগ তথা ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে । চৰকাৰৰ এনে গুৰুত্বহীনতাৰ বাবে উপযুক্ত চিকিৎসা নাপাই বহু লোকে প্ৰাণ হেৰুৱাবলগা ঘটনা সংঘটিত হৈছে ।

অসমত সৰ্প দংশনৰ উপযুক্ত চিকিৎসা প্ৰদানত ব্যৰ্থ স্বাস্থ্য বিভাগ

বিশেষকৈ প্ৰতি বছৰে বাৰিষাৰ সময়ছোৱাত অসমত বহু লোকৰ সর্প দংশনত মৃত্যু হয় (many people died of snake bite in Assam) যদিও অতি স্পর্শকাতৰ এই বিষয়টোৰ ক্ষেত্রত চৰকাৰ তথা স্বাস্থ্য বিভাগে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই । আনকি স্বাস্থ্য বিভাগৰ ওচৰত এই সন্দৰ্ভত কোনো ধৰণৰ তথ্যপাতিও নাই । বছৰি ৰাজ্যৰ কিমান লোক সৰ্প দংশনৰ কবলত পৰে আৰু কিমান লোকৰ মৃত্যু হয় তাৰ কোনো নিৰ্দিষ্ট তথ্য স্বাস্থ্য বিভাগৰ ওচৰত নাই (Health department of Assam) ।

সৰ্প দংশনৰ এই বিষয়টো সন্দৰ্ভত শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলা ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাসবিৰোধী নেতা তথা মানৱ অধিকাৰ কৰ্মী ড° দিব্যজ্যোতি শ‍ইকীয়াই (Anti superstition leader Dibyajyoti Saikia) । তেওঁ বহুকেইখন চিকিৎসালয় পৰিদৰ্শন কৰি সৰ্প দংশনৰ ক্ষেত্রত আগবঢ়োৱা চিকিৎসা সেৱাৰ বুজ লয় ।

চৰজমিন তদন্ত কৰি লাভ কৰা অভিজ্ঞতা সন্দৰ্ভত তেওঁ ই টিভি ভাৰতৰে (E TV Bharat) হোৱা আছুতীয়া সাক্ষাৎকাৰত চৰকাৰৰ গাফিলতিক কঠোৰ ভাষাৰে সমালোচনা কৰে (Dibyajyoti Saikia criticised government negligence)। তেওঁ কয় যে চৰকাৰ তথা স্বাস্থ্য বিভাগে সৰ্প দংশনৰ চিকিৎসাৰ বিষয়টোত সঠিকভাৱে মনোনিবেশ নকৰি কেৱল এণ্টি-স্নেক ভেনাম বেজী (Anti snake venum injection) যোগান ধৰিয়েই দায়িত্ব সামৰিছে ।

সর্প দংশনত আহত লোকৰ চিকিৎসাৰ বাবে চিকিৎসক-স্বাস্থ্যকৰ্মীৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে যদিও বিগত ৬-৭ বছৰৰ পূৰ্বে এই বিষয়ত স্বাস্থ্য বিভাগে একাংশ চিকিৎসকক মাষ্টৰ ট্ৰেইনাৰ হিচাপে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে যদিও পৰৱৰ্তী সময়ত বিষয়টোত বিশেষ গুৰুত্ব দিয়া নহ'ল (snake bite people treatment training) ।

এই সন্দৰ্ভত লখিমপুৰ, কামৰূপ আদি বিভিন্ন জিলাত অনুসন্ধান কৰি জানিব পৰা মতে, জিলাসমূহত সৰ্প দংশনৰ ৰোগীৰ বাবে আছুতীয়া কক্ষকে ধৰি কোনো ধৰণৰ উপযুক্ত চিকিৎসা ব্যৱস্থা নাই । সমগ্ৰ অসমৰ চিকিৎসালয়সমূহত সজাগতা বা প্ৰশিক্ষণপ্ৰাপ্ত ডাক্তৰ-নাৰ্ছৰ ব্যৱস্থা কৰা নহ'ল বুলি তেওঁ সদৰী কৰে । যাৰ বাবে কি সাপে খুটিলে বা সাপে খোটা ৰোগীক এণ্টি স্নেক ভেনাম বেজী দিব পৰা হ'বনে নাই তাৰো সিদ্ধান্ত যিকোনো চিকিৎসকে ল'ব নোৱাৰে ।

ইফালে চিকিৎসালয়সমূহত প্রয়োজনীয় অভিজ্ঞ চিকিৎসক, আন্তঃগাঁথনিৰ অভাৱৰ বাবে সৰ্পই দংশন কৰা কৰা লোকক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব নোৱাৰে আৰু এখন চিকিৎসালয়ৰ পৰা অন্য এখন চিকিৎসালয়লৈ ৰেফাৰ কৰিবলগা অৱস্থা হয় । যাৰ বাবে উপযুক্ত সময়ত চিকিৎসা নোপোৱাৰ বাবে বহু লোকৰ মৃত্যু ঘটিছে (many people died lack of treatment) ।

সজাগতাৰ অভাবৰ বাবেও বহু লোকে অন্ধবিশ্বাসৰ বলি হৈ বেজৰ কাষ চাপি অৱশেষত নিজৰ আত্মীয়ক হেৰুৱাবলগা হৈছে (lack of awareness for snake bite) । শিৱসাগৰ জিলাৰ ডিমৌৰ বাহিৰে ৰাজ্যৰ অধিকাংশ জিলাতে এই সম্পর্কীয় চিকিৎসাৰ অভাৱ দৃষ্টিগোচৰ হয় । সেয়েহে এই সম্পৰ্কে উপযুক্ত ব্যবস্থা গ্ৰহণেৰে অন্ধবিশ্বাস দূৰ কৰি সাধাৰণ লোকক বচোৱাৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি মানৱ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে তেওঁ চৰকাৰক দাবী জনায় (awareness programme against superstitions) ।

লগতে পঢ়ক :মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ বাবে ১০০০০ কোটি টকা ধাৰ্য কৰাৰ কথা প্ৰকাশ শিক্ষামন্ত্ৰীৰ

Last Updated : Aug 24, 2022, 8:17 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details