অসম

assam

ETV Bharat / state

অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ অপহৃত ব্যৱসায়ী

অৱশেষত অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ হৈছে মিৰ্জাৰ অপহৃত ব্যৱসায়ী মুনীন্দ্ৰ তালুকদাৰ ৷ অসম-মেঘালয় সীমান্তৰ ৰাজাপাৰা পাহাৰৰ পৰা উদ্ধাৰ কৰা হৈছে ব্যৱসায়ীজনক ৷

By

Published : Mar 2, 2021, 1:47 PM IST

man rescued from kiddnepers
অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ মিৰ্জাৰ অপহৃত ব্যৱসায়ী

নিউজ ডেস্ক,2 মাৰ্চ: অৱশেষত অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ হৈছে মিৰ্জাৰ অপহৃত ব্যৱসায়ী মুনীন্দ্ৰ তালুকদাৰ ৷ পলাশবাৰী আৰু কামৰূপ আৰক্ষীয়ে উদ্ধাৰ কৰিছে অপহৃত মুনীন্দ্ৰক ৷ অসম-মেঘালয় সীমান্তৰ ৰাজাপাৰা পাহাৰৰ পৰা উদ্ধাৰ কৰা হৈছে ব্যৱসায়ীজনক ৷

20 ফেব্ৰুৱাৰীৰ নিশা মিৰ্জা চ’কৰ পৰা এখন বাহনত অহা দুৰ্বৃত্তই অপহৰণ কৰিছিল ব্যৱসায়ীজনক ৷ মুক্তিপণৰ বাবে অপহৰণকাৰীয়ে দাবী কৰিছিল পাঁচ কোটি টকা ৷ ধনৰ লেনদেনৰ আগমুহুৰ্তত আৰক্ষীয়ে অভিযান চলাই লোকজনক উদ্ধাৰ কৰে ৷ লগতে আটক কৰে অপহৰণকাণ্ডৰ সৈতে জড়িত তিনি অপহৰণকাৰীক ৷

লগতে পঢ়ক: সোণাৰিত বন্দুকসহ দুই নগা দুৰ্বৃত্ত আটক

ABOUT THE AUTHOR

...view details