অসম

assam

ETV Bharat / state

শ্বহীদ দিপাঞ্জলৰ সোঁৱৰণত স্বহীদ বেদী আৰু এখন শিশু পাৰ্কৰ আধাৰশিলা স্থাপন - chaigaon

দেওবাৰে "কা" আন্দোলনৰ শ্বহীদ দিপাঞ্জল দাসৰ সোঁৱৰণত নিৰ্মাণ হ'ব লগা শ্বহীদ বেদী আৰু শিশু উদ্যানখনৰ আধাৰশিলা স্থাপন কৰা হয় ৷ স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদৰ বিধায়ক পুঁজিৰ ধনেৰে শ্বহীদ গৰাকীৰ গাঁৱত নিৰ্মাণ হ’ব এই শ্বহীদ বেদী আৰু শিশু উদ্যান ৷

making-children-park-to-tribute-dipanjal
শ্বহীদ দিপাঞ্জলৰ সোঁৱৰণত স্বহীদ বেদী আৰু এখন শিশু পাৰ্কৰ আধাৰশিলা স্থাপন

By

Published : Jul 5, 2020, 8:34 PM IST

ছয়গাঁও ৫ জুলাই : "কা" আন্দোলনৰ এগৰাকী শ্বহীদ ছয়গাঁৱৰ দিপাঞ্জল দাস ৷ শ্বহীদ গৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ অৰ্থে দেওবাৰে ছয়গাঁৱৰ দলৈপাৰা গাঁৱৰ দিপাঞ্জল দাসৰ সমাধি স্থলীতে এখন শিশু উদ্যানৰ আধাৰশিলা স্থাপন কৰা হয় ৷ লগতে গাঁওখনৰ মূল পথৰ দাঁতিত নিৰ্মাণ কৰিবলগীয়া এটি শ্বহীদ বেদীৰো আধাৰশিলা স্থাপন কৰা হয় ৷

স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদৰ বিধায়ক উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰিব লগীয়া এই শিশু উদ্যান আৰু সমাধি ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে শ্বহীদ দিপাঞ্জল দাসৰ পিতৃ খগেন দাস আৰু মাতৃ কবিতা দাসে ৷ আধাৰশিলা কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক ৰেকিবুদ্দিন আহমেদো ।

শ্বহীদ দিপাঞ্জল দাসৰ নামত নিৰ্মাণ হ’ব লগা এই শিশু উদ্যানখন নিৰ্মাণৰ নামত বিধায়ক পুঁজিৰ পৰা দুই লাখ আৰু শ্বহীদ বেদী নিৰ্মাণৰ নামত ১ লাখ ৬০ হেজাৰ টকাসহ মুঠ ৩ লাখ ৬০ হেজাৰ টকা আৱণ্টন দিয়া হৈছে ৷

দেওবাৰৰ এই আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকি বিধায়ক গৰাকীয়ে ৰাইজ তথা আছুৱে শ্বহীদ ঘোষণা কৰাৰ পাছতো দিপাঞ্জলক চৰকাৰখনে শ্বহীদ ঘোষণা নকৰাক লৈয়ো আক্ষেপ প্ৰকাশ কৰে ৷ অনুস্থানটোত উপস্থিত থাকি স্থানীয় বিধায়ক গৰাকীয়ে দিপাঞ্জল দাসৰ ঘৰলৈ যোৱা পথটোৰো অতিশীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে সকলো যাৱতীয় কাম হৈ উঠা বুলি জানিবলৈ দিয়ে ৷ লগতে গাঁওখনৰ লগত সংলগ্ন আটাইকেইটা পথৰেই নিৰ্মাণৰ প্ৰচেষ্টাওঁ অব্যাহত থকাৰ কথা জনালে বিধায়ক গৰাকীয়ে ৷

শ্বহীদ দিপাঞ্জলৰ সোঁৱৰণত স্বহীদ বেদী আৰু এখন শিশু পাৰ্কৰ আধাৰশিলা স্থাপন

শেহতীয়াকৈ ছয়গাঁৱৰ বিধায়ক গৰাকীয়ে বিজেপি গমনৰ কুচকাৱাজ চলাই থকা বুলি একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হোৱা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত বিধায়ক গৰাকীয়ে একেষাৰে নস্যাৎ কৰিলে ৷ এয়া একাংশ ছ'চিয়েল মাধ্যমত চলা অপপ্ৰচাৰ বুলিহে উল্লেখ কৰিলে বিধায়কগৰাকীয়ে ৷ আনহাতে ছয়গাঁও সমষ্টিৰ দুগৰাকী ব্লক কংগ্ৰেছৰ সভাপতিয়ে বিধায়ক গৰাকীৰ বিৰুদ্ধে ছোনীয়া গান্ধীৰ ওচৰত অভিযোগ দিয়া বুলিওঁ সংবাদ মাধ্যমত যি বাতৰি প্ৰকাশ কৰা হৈছে সেয়াওঁ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি উল্লেখ কৰিলে ।

ABOUT THE AUTHOR

...view details