অসম

assam

ETV Bharat / state

গণ সংক্ৰমণৰ দিশে পলাশবাৰীৰ বৃহত্তৰ অঞ্চল - কণ্টেইনমেণ্ট জ’ন

দক্ষিণ কামৰূপত পুনৰ কৰ’ণাত আক্ৰান্ত হৈছে দুগৰাকী ব্য়ক্তি । ক্ৰমাৎ ভয়ংকৰ গণ সংক্ৰমণৰ দিশে অঞ্চলটোৰ পৰিস্থিতি ৷ জিলা প্ৰশাসনে এই খবৰ লাভৰ পিছতে পলাশবাৰীৰ এটা অংশ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণাৰ লগতে বন্ধ কৰি দিছে পলাশবাৰী-মিৰ্জা সংযোগী পথটো ৷

Large area of Palashbari in the direction of community spread kamrup assam etv bharat news
গণ সংক্ৰমণৰ দিশে পলাশবাৰীৰ বৃহত্তৰ অঞ্চল

By

Published : Jul 1, 2020, 4:18 PM IST

আজাৰা,1 জুলাই:এইবাৰ পুনৰ একেটা দিনতে দক্ষিণ কামৰূপৰ দুগৰাকী ব্য়ক্তিৰ দেহত ধৰা পৰিল কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ মিৰ্জাৰ শান্তিপুৰত এগৰাকী মহিলাৰ দেহত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত মহিলাগৰাকীৰ বাসগৃহত উপস্থিত হয় স্বাস্থ্য বিভাগৰ এটা দল ৷ মহিলাগৰাকীয়ে বিগত কিছুদিনপূৰ্বে ৰাজস্থানস্থিত শহুৰেকৰ ঘৰৰ পৰা আহি আছিল হোম কোৱাৰেণ্টাইনত ৷ মহিলাগৰাকীৰ পৰা সংগ্ৰহ কৰা স্বাৱৰ পৰীক্ষাত ধৰা পৰে এই কথা ৷

আনহাতে,পলাশবাৰীতো এক ঔষধ প্ৰস্তুত প্ৰতিষ্ঠানত কৰ্মৰত এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰে Covid 19 ৷ উক্ত ব্যক্তিগৰাকীয়ে বহু লোকৰ সংস্পৰ্শলৈ অহাৰ ফলত সম্প্ৰতি আশংকা প্ৰকাশ কৰা হৈছে গণ সংক্ৰমণৰ ৷ জিলা প্ৰশাসনে এই খবৰ লাভৰ পিছতে পলাশবাৰীৰ এটা অংশ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণাৰ লগতে বন্ধ কৰি দিছে পলাশবাৰী-মিৰ্জা সংযোগী পথটো ৷

লগতে চাওকঃৰঙিয়া থানাৰ দুগৰাকী আৰক্ষীৰ দেহত Covid 19

ABOUT THE AUTHOR

...view details