অসম

assam

ETV Bharat / state

আমিনগাঁৱত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট - 3 ঘণ্টিয়া অৱস্থান ধৰ্মঘট

কোচ ৰাজবংশী জনগোষ্ঠী সকলক জনজাতিকৰণ কৰাৰ দাবীত সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আক্ৰাছুৰ উপদেষ্টা সমীৰণ সিংহই বিজেপি চৰকাৰখনত তীব্ৰ সমালোচনা কৰে ৷

amingaon
আমিনগাঁও

By

Published : Dec 30, 2019, 4:09 PM IST

গুৱাহাটী, 30 ডিচেম্বৰঃসোমবাৰে আমিনগাঁওস্থিত বীৰ চিলাৰায় উদ্যানত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত 3 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে সমগ্ৰ অসমৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ জিলা সমিতিৰ সদস্যসকলে এই ধৰ্মঘটত অংশগ্ৰহণ কৰে ৷ তেওঁলোকৰ অভিযোগ অনুসৰি বিগত বহু বছৰ ধৰি চৰকাৰৰ দ্বাৰা প্ৰতাৰিত হোৱা জনগোষ্ঠীটোৱে এই ধৰ্মঘটৰ জৰিয়তে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইপিনে আক্ৰাছুৰ উপদেষ্টা সমীৰণ সিংহই এই প্ৰতিবাদত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰখনক সমালোচনা কৰি কয় যে, কোচ ৰাজবংশী জনগোষ্ঠীক বাৰম্বাৰ বিজেপি চৰকাৰে মিছা প্ৰতিশ্ৰুতি দি অৱশেষত কমতাপুৰ স্বায়ত্ব শসিতৰ পৰিষদৰ নামত কণা-হাঁহক পতান দিয়াৰ নীতি অৱলম্বন কৰিছে ৷ লগতে তেওঁ কয় যে, 2014 চনতে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত তেওঁলোকে কোচ ৰাজবংশী সকলক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও চৰকাৰে 5 বছৰ কাৰ্যকাল শেষ কৰি পুনৰ চৰকাৰ গঠন কৰিলে তাৰ পিছতো জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নহ'ল ৷

কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

প্ৰতিবাদকাৰীসকলে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীস্থলীৰ পৰাই বিজেপি চৰকাৰখনক সকীয়াই দিয়ে যে শীঘ্ৰে কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে । তদুপৰি তেওঁলোকে কয় যে যি দৰে CAA বলৱৎ কৰাৰ সময়ত চৰকাৰে গুৰুতৰ ভূমিকা গ্ৰহণ কৰিছিল ঠিক একেদৰে আগন্তুক 3 মাহৰ ভিতৰত কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰতো চৰকাৰে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগে ৷ অন্যথা ইয়াতকৈ জংগী আন্দোলনৰ গঢ়ি তুলিব বুলি প্ৰতিবাদকাৰী সকলে হুংকাৰ দিয়ে ৷

লগতে পঢ়ক - সম্প্ৰতি দেশত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকৰণ কাৰ্যকৰী কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাই!

ABOUT THE AUTHOR

...view details