অসম

assam

ETV Bharat / state

কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ সংবাদ মেল - শিকান্দাৰ আলী,

কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ খণ্ড উন্নয়ন বিষয়া জয়নাল হুছেইনক আটক ৷

AS_KAM_803_ BDO _ARREST_ KAMRUP_ SP_ PRESS _MEET_7204372
কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ সংবাদ মেল

By

Published : May 18, 2020, 8:20 PM IST

কামৰূপ,18মেঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ খণ্ড উন্নয়ন বিষয়া জয়নাল হুছেইনক আটক সন্দৰ্ভত কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ সংবাদ মেল। ক‘ৰণা আক্ৰান্তৰ পৰা কিছু সকাহ দিবলৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল লোকৰ ৰেচন কাৰ্ড নাই তেঁওলোক চৰকাৰে সাহায্য হিচাপে এহেজাৰ টকাকৈ প্ৰদান কৰিছিল ৷ সেই টকাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰিছিল ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ খণ্ড উন্নয়ন বিষয়া জয়নাল হুছেইন ,জোৰশিমলু গাঁও পঞ্চায়তৰ সচিব শিকান্দাৰ আলী, জোৰশিমলু গাঁও পঞ্চায়তৰ সদস্যা চাহেৰা খাতুন আৰু সমবায় এজেণ্ট ৰমজান আলীয়ে ৷

কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ সংবাদ মেল

এই বিষয়ে আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তই এহেজাৰ টকীয়া কেলেংকাৰীৰ সন্দৰ্ভত কামৰূপ আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰা হব বুলি মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে খণ্ড উন্নয়ন বিষয়া জয়নাল হুছেইন সহ আটক জোৰশিমলু গাঁও পঞ্চায়তৰ সচিব শিকান্দাৰ আলী, জোৰশিমলু গাঁও পঞ্চায়তৰ সদস্যা চাহেৰা খাতুন আৰু সমবায় এজেণ্ট ৰমজান আলীক তদন্ত পক্ৰিয়া অব্যাহত ৰাখিছে বুলি সংবাদমেলত সদৰি কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

লগতে পঢ়কঃ বিস্ময়কৰ গছ বাখৰ বেঙেনা,পৰিক্ৰমা 600 বছৰৰ

ABOUT THE AUTHOR

...view details