অসম

assam

ETV Bharat / state

বহিঃৰাজ্যৰ পৰা অহা লোকক লৈ সাজু কামৰূপ(গ্ৰাম্য) জিলা প্ৰশাসন - উপায়ুক্ত কৈলাশ কাৰ্তিক

দক্ষিণ পাৰৰ লগতে গুৱাহাটী আই আই টিত সাজু কৰি তোলা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ । ইয়াৰ সমান্তৰালভাৱে জিলাখনৰ ৰঙিয়াতো কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপনৰ বাবে প্ৰস্তুতি চলিছে ৷

Kamrup (Rural) District Administration ready to keep people in the Quarantine Center
বহিঃৰাজ্যৰ পৰা অহা লোকক কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখিবলৈ সাজু কামৰূপ(গ্ৰাম্য) জিলা প্ৰশাসন

By

Published : May 22, 2020, 1:41 PM IST

ৰঙিয়া, 22মে':কৰ'ণাৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি বহিঃৰাজ্যৰ পৰা উভতি আহিছে অসমৰ বহু লোক ৷ এইসকল লোকক কোৱাৰেণ্টাইনত ৰাখিবলৈ ৰাজ্যত সাজু কৰি তোলা হৈছে বহু কেন্দ্ৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰ পৰা অহা লোকক কোৱাৰেণ্টাইনত ৰাখিবৰ বাবে কামৰূপ(গ্ৰাম্য) জিলা প্ৰশাসনো তৎপৰ হৈ পৰিছে ৷

বহিঃৰাজ্যৰ পৰা অহা লোকক কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখিবলৈ সাজু কামৰূপ(গ্ৰাম্য) জিলা প্ৰশাসন

ইতিমধ্যে দক্ষিণ পাৰৰ লগতে গুৱাহাটী আই আই টিত সাজু কৰি তোলা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ । ইয়াৰ সমান্তৰালভাৱে জিলাখনৰ ৰঙিয়াতো কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপনৰ বাবে প্ৰস্তুতি চলিছে ৷ বৃহস্পতিবাৰে নিশা কামৰূপ(গ্ৰাম্য) জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক উপস্থিত হয় ৰঙিয়া ষ্টেচনত ৷ বহিঃৰাজ্যৰ পৰা ৰে'লযোগে ৰঙিয়া ষ্টেচনত নমা যাত্ৰীসকলক স্বাস্থ্য পৰীক্ষা কৰাবৰ বাবে তথা ৰঙিয়াত কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপনৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই সম্পৰ্কত বুজ লয় বিভাগীয় বিষয়াসকলৰ পৰা ৷ ৰঙিয়া ষ্টেচনৰ সমীপৰ কেইবাখনো হোটেল, লজ পৰিদৰ্শন কৰি কোৱাৰেণ্টাইন চেণ্টাৰৰ বাবে সাজু কৰি তুলিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে কামৰূপ(গ্ৰাম্য) জিলাৰ উপায়ুক্ত গৰাকীয়ে ।

লগতে পঢ়কঃকৰ'ণা ভাইৰাছত কৈ আম্ফানৰ প্ৰাদুৰ্ভাৱ অধিক বেয়া হ'ব পাৰে : মমতা বেনাৰ্জী

ABOUT THE AUTHOR

...view details