অসম

assam

ETV Bharat / state

কামাখ্যাত মহাঅম্বুবাচীৰ মহাযোগ

উখল মাখল নীলাচলৰ বুকু; ভক্তিৰসত বিলীন মা কামাখ্যা ধাম ৷ ভিন্ন বেশ ভূশা ধাৰি বাবাৰে ভৰিছে নীলাচলৰ বুকু ৷ মহাৰাষ্ট্ৰৰ পৰা কামাখ্যালৈ আহিছে ৰেডিঅ' বাবা । লগতে কাশ্মীৰৰ পৰা গাত কেৱল ৰুদ্ৰাক্ষৰ মালা পিন্ধি কামাখ্যালৈ আহিছে ৰুদ্ৰাক্ষ বাবা ।

By

Published : Jun 23, 2019, 10:22 AM IST

কামাখ্যাত অম্বুবাচীৰ মহাযোগ

গুৱাহাটী,23জুনঃ উদুলি মুদুলি নীলাচল পাহাৰ । ভক্তিৰসত বিলীন মা কামাখ্যা ধাম । পৰম্পৰা অক্ষুন্ন ৰাখি শনিবাৰৰ পৰা কামাখ্যাত অনুষ্ঠিত হৈছে মহা অম্বুবাচী মেলা । প্ৰতিবছৰৰ দৰেই এইবাৰো ভক্তৰ লানি নিছিগা সোঁত কামাখ্যা ধামত । মাজনিশা ১.৪০ বজাত প্ৰবৃত্তিৰ পিছতেই বন্ধ কৰি দিয়া হৈছে মন্দিৰৰ দুৱাৰ । উল্লেখ্য যে মা ৰজস্বলা হোৱাৰ সময়চোৱাত তিনি দিনৰ বাবে বন্ধ থাকিব মন্দিৰৰ দুৱাৰ । নিশাও মা কামাখ্যা ধামত সমাগম হ'ল লাখ লাখ ভক্তৰ । ইফালে অম্বুবাচী উপলক্ষ্যে মা কামাখ্যা ধামলৈ আগমন ঘটিছে বিভিন্ন বেশ-ভূষাৰ বাবাসকলৰ । মহাৰাষ্ট্ৰৰ পৰা কামাখ্যালৈ আহিছে ৰেডিঅ' বাবা । ৩৮ বছৰ ধৰি অম্বুবাচীলৈ আহি আছে বাবাই । ৰেডিঅ'টো হৈছে বাবাৰ একমাত্ৰ লগৰী । লগতে কাশ্মীৰৰ পৰা গাত কেৱল ৰুদ্ৰাক্ষৰ মালা পিন্ধি কামাখ্যালৈ আহিছে ৰুদ্ৰাক্ষ বাবা । মুঠৰ ওপৰত বিভিন্ন প্ৰান্তৰ বাবাৰে ভৰি পৰিছে এতিয়া নীলাচল পাহাৰ ৷

কামাখ্যাত অম্বুবাচীৰ মহাযোগ

ABOUT THE AUTHOR

...view details