আজাৰা,31 অক্টোবৰ:JEE কাণ্ডত জড়িতৰ অভিযোগত অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কাকলি বুজৰবৰুৱা নামৰ মহিলাগৰাকীক ৷ শুকুৰবাৰে নিশা মহিলাগৰাকীক আজাৰা আৰক্ষীয়ে আটক কৰি সোধ-পোছৰ অন্তত মুকলি কৰি দিছিল ৷ শনিবাৰে পুনৰ আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰিছিল আজাৰা আৰক্ষীয়ে । অৱশেষত শনিবাৰে কাকলি বুজৰবৰুৱাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । মহিলাগৰাকীৰ গ্ৰেপ্তাৰৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ৷
JEE কেলেংকাৰীত গ্ৰেপ্তাৰ কাকলি বুজৰবৰুৱা
JEE কেলেংকাৰী সন্দৰ্ভত শেহতীয়াভাৱে গ্ৰেপ্তাৰ হৈছে আটকাধীন কাকলি বুজৰবৰুৱা ৷ বৰ্তমান JEE কাণ্ডত জড়িতৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে ছগৰাকী ব্যক্তি ৷
JEE কেলেংকাৰীৰ শেহতীয়া তথ্য
এই সমগ্ৰ ঘটনাৰ বিষয়ে ব্য়ক্ত কৰি জীয়ৰীৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত উচুপি উঠে কাকলিৰ মাতৃয়ে ৷
TAGGED:
JEE Scam