কামৰূপ, 30 মাৰ্চঃ শনিবাৰে বিয়লি এজন উদণ্ড যুৱকে এফালৰ পৰা বৰঝাৰ বিমান বন্দৰত আক্ৰমণ কৰি গ’ল কৰ্মৰত সাংবাদিকক ৷ বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰা আব্দুল খালেক দিল্লীৰ পৰা আহি বৰঝাৰত উপস্থিত হোৱাৰ পিচতে শনিবাৰে উত্তপ্ত হৈ পৰে বৰঝাৰ বিমানবন্দৰ ৷ আব্দুল খালেকৰ একাংশ সমৰ্থকে গামোচা পিন্ধোৱাৰ নামত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰি আহিছিল আৰু সাংবাদিকে খালেকৰ সাক্ষাৎকাৰ লোৱাৰ সময়তে উদণ্ড যুৱকে আক্ৰমণ চলাই সাংবাদিকক ৷ উদণ্ড যুৱকজনক সাংবাদিকসকলে আৰক্ষীক চমজাই দিয়াৰ চেষ্টা কৰোতেও পুনৰ প্ৰহৃত হ’বলগীয়া হয় সংবাদকৰ্মী সকল ৷
সাংবাদিকক আক্ৰমণ আব্দুল খালেকৰ সমৰ্থকৰঃ উত্তপ্ত বৰঝাৰ - borjhar
আব্দুল খালেকৰ উদণ্ড সমৰ্থকৰ আক্ৰমণৰ সন্মুখীন 11 জনকৈ সাংবাদিক ৷ সাংবাদিক আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত বিভিন্ন মহলত ৷ অৱশেষত ফোনযোগে ক্ষমা প্ৰাৰ্থনা আব্দুল খালেকৰ ৷
সাংবাদিকক আক্ৰমণ আব্দুল খালেকৰ সমৰ্থকৰঃ উত্তপ্ত বৰঝাৰ
উল্লেখ্য যে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত আব্দুল খালেকক অৱগত কৰাৰ চেষ্টা চলাই যদিও ইতিমধ্যে বিমানবন্দৰৰ পৰা ৰাওনা হয় সাংসদ প্ৰাৰ্থীগৰাকী ৷ প্ৰায় 11 গৰাকী সাংবাদিকক আক্ৰমণ কৰা এইজন উদণ্ড সমৰ্থকৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে দল-সংগঠনে ৷ আনহাতে , এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ফোনযোগে ক্ষমা বিচাৰিছে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে ৷