আজাৰা, 29 নৱেম্বৰঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল JEE পৰীক্ষাত নীল নক্ষত্র দাসৰ হৈ পৰীক্ষাত বহা ভাড়াতীয়া পৰীক্ষাৰ্থী প্রদীপ কুমাৰ । দীৰ্ঘদিন ধৰি দিল্লীত আত্মগোপন কৰি আছিল অভিযক্ত প্রদীপ কুমাৰে । দেওবাৰে দিল্লীৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰদীপ কুমাৰক ।
অসমলৈ অনা হ’ল JEE কাণ্ডৰ ভাড়াতীয়া পৰীক্ষাৰ্থী প্রদীপ কুমাৰক
দেওবাৰে দিল্লীৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে JEE পৰীক্ষাত নীল নক্ষত্রৰ দাস নামৰ ছাত্ৰৰ হৈ পৰীক্ষাত বহা ভাড়াতীয়া পৰীক্ষাৰ্থী অভিযুক্ত প্রদীপ কুমাৰক ৷ দীৰ্ঘদিন দিল্লীতে আত্মগোপন কৰি আছিল প্ৰদীপ কুমাৰে ৷
অসমলৈ অনা হ’ল JEE কাণ্ডৰ ভাড়াতীয়া পৰীক্ষাৰ্থী প্রদীপ কুমাৰক
কামৰূপ মহানগৰ আৰক্ষীৰ এটি দলে বহুদিন ধৰি অভিযান অব্যাহত ৰাখিছিল প্ৰদীপ কুমাৰৰ বিৰুদ্ধে । দেওবাৰে অসম আৰক্ষীৰ এটি দলে বিমানযোগে প্ৰদীপ কুমাৰক গুৱাহাটীলৈ লৈ আনে ৷ বৰঝাৰ বিমানবন্দৰৰ পৰা আজাৰা আৰক্ষী থানালৈ লৈ যোৱা হয় প্রদীপ কুমাৰক । উল্লেখ্য যে, সোমবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হব প্ৰদীপ কুমাৰক ।
লগতে পঢ়ক-কিয় অনুষ্ঠিত কৰা নাই গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনঃ চৰকাৰক জবাবদিহি উচ্চ ন্যায়ালয়ৰ