অসম

assam

By

Published : Dec 3, 2019, 9:22 PM IST

ETV Bharat / state

ৰাজ্যজুৰি পালন আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস

কামৰূপৰ কমলপুৰ আৰু কোকৰাঝাৰৰ মলানডুবিত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হ'ল আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস । শিক্ষা বিভাগ আৰু সমগ্ৰ শিক্ষা অভিযান কামৰূপৰ উদ্যোগত পুঠিমাৰী হাইস্কুলৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰা হয় দিবাঙ্গ দিৱস ।

international  disability  day celebrate at kamalpur and kokrajhar
আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস

কমলপুৰ কোকৰাঝাৰ, 3ডিচেম্বৰ : কামৰূপৰ কমলপুৰত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হ'ল আন্তৰাষ্ট্ৰীয় দিব্যাংগ দিৱস । শিক্ষা বিভাগ আৰু সমগ্ৰ শিক্ষা অভিযান কামৰূপৰ উদ্যোগত পুঠিমাৰী হাইস্কুলৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰা হয় দিব্যাংগ দিৱস । ৰঙিয়া , কমলপুৰ , কৰৰা আৰু হাজো শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়ৰ দিবাঙ্গ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা হয় এই দিৱস ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰা, বৃক্ষৰোপন , সাংস্কৃতিক প্ৰতিযোগীতা , খেল-ধেমালী , চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় । ইয়াৰোপৰি এই দিৱসৰ লগত সংগতি ৰাখি এক প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয় ৷

আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উদযাপন

আনহাতে বিটি এ ডি মুখ্য সদৰ কোকৰাঝাৰৰ মলানডুবিতো পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস । বি টিএডি দিব্যাংগ উন্নয়নৰ সঞ্চালক নন্দলাল চৌধুৰীয়ে চৰকাৰক বিশেষভাৱে সক্ষম লোকসকলৰ ওপৰত চৰকাৰে লোৱা পদক্ষেপ কাৰ্যকৰী কৰিবলৈ অনুৰোধ জনায় । কোকৰাঝাৰ জিলা আইন সেৱা প্ৰাধিকৰণে কোকৰাঝাৰ জিলা ন্যায়ালয় চৌহদত বিশেষভাবে সক্ষম লোকক ট্ৰেইচাইকেল, হুইল চেয়াৰ, এয়াৰ এইদ বিতৰণ কৰে ।

আৰু পঢ়ক : নৌসেনা দিৱসৰ পূৰ্বে বিশাখাপট্টনমত নৌ-বাহিনীৰ অনুশীলন

ABOUT THE AUTHOR

...view details