অসম

assam

ETV Bharat / state

ইণ্ডিগ বিমানৰ টিকট কাটিলে অলপ সাৱধান হওক ! - দিল্লী হৈ প্ৰায়াগর্জ বিমানবন্দৰলৈ

ইণ্ডিগ বিমানৰ উৰণ সময়তকৈ প্ৰায় ৪ ঘণ্টাৰ আগতে উপস্থিত হৈছিল যদিও ভিতৰ ভাগত প্ৰৱেশ কৰি বৰ্ডিং পাছ লোৱা সময়ত বিমান কৰ্তৃপক্ষই টিকট বাতিল হোৱা বুলি কয় । দুই বিমানযাত্ৰী এই ঘটনা ইণ্ডিগ বিমান কৰ্তৃপক্ষক অৱগত কৰাৰ পিচত কোনো সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰে ৷

indigo flight ticket cancel
ইণ্ডিগ বিমানৰ টিকট কাটিলে অলপ সাৱধান হওক !

By

Published : Nov 6, 2020, 8:42 PM IST

দক্ষিণ কামৰূপ,6 নৱেম্বৰঃ ইণ্ডিগ’ বিমানত টিকট কাটিলে অলপ সাৱধান হওক । আপোনাৰ টিকট বাতিল হ’ব পাৰে । এগৰাকী যাত্ৰীয়ে হাতত ইণ্ডিগ’ বিমানৰ টিকট লৈ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা নিজ ব্যৱসায়ৰ কামত দিল্লী হৈ প্ৰায়াগর্জ বিমানবন্দৰলৈ উৰা মৰাৰ বাবে উপস্থিত হৈছিল।

ইণ্ডিগ বিমানৰ টিকট কাটিলে অলপ সাৱধান হওক !

ঘটনা অনুসৰি ৰবি দাস আৰু মৃদুল ভট্টাচাৰ্য নামৰ দুই বিমান যাত্ৰী বৰঝাৰ বিমানবন্দৰত ইণ্ডিগ’ বিমানৰ উৰণৰ সময়তকৈ প্ৰায় ৪ ঘণ্টাৰ আগতে উপস্থিত হৈছিল যদিও ভিতৰ ভাগত প্ৰৱেশ কৰি বৰ্ডিং পাছ লোৱা সময়ত বিমান কৰ্তৃপক্ষই টিকট বাতিল হোৱা বুলি কয় । দুই বিমানযাত্ৰী এই ঘটনা ইণ্ডিগ’ বিমান কৰ্তৃপক্ষক অৱগত কৰাৰ পিচতো কোনো সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰে ।
উল্লেখযোগ্য যে, ইণ্ডিগ’ বিমানৰ বহু বিমান যাত্ৰীয়ে পূৰ্বেও এনে সমস্যাত পৰাৰ অভিযোগ উৎখাপন হৈ আহিছে। কিন্তু ইণ্ডিগ’ বিমান কৰ্তৃপক্ষই কোনো ধৰণৰ সঁহাৰি নিদিয়ে বিমান যাত্ৰীক। ইণ্ডিগ বিমানৰ টিকটত হোৱা খেলিমেলিৰ বাবে ইতিমধ্যে বহু লোকৰ ধন লোকচান হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ আকৌ লাওখোৱাত দেখা পাব গঁড়

ABOUT THE AUTHOR

...view details