অসম

assam

ETV Bharat / state

ছয়গাঁৱত গৰ্ভৱতী মহিলা আৰু শিশুৰ খাদ্য আঁচনিৰ শুভাৰম্ভ - গৰ্ভৱতী মহিলা আৰু শিশুৰ খাদ্য আঁচনি

ছয়গাঁৱত গৰ্ভৱতী মহিলা আৰু শিশুৰ পুষ্টিকৰ আহাৰ যোগানৰ আঁচনি উদ্বোধন কৰে স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদে (Rekibuddin Ahmed) ৷ এই আঁচনিৰ জৰিয়তে ২৯৩০ গৰাকী মহিলা আৰু ৭১১২ গৰাকী শিশু উপকৃত হ’ব ৷

Inauguration of Pregnant Women and Child Nutrition Scheme in Chaygaon
ছয়গাঁৱত গৰ্ভৱতী মহিলা আৰু শিশু পুষ্টিকৰ আহাৰ যোগান আঁচনি উদ্ধোধন

By

Published : Jun 12, 2021, 11:56 AM IST

ছয়গাঁও, 12 জুন : ৰাজ্য চৰকাৰে সমাজ কল্যাণ বিভাগ (Social Welfare Department)ৰ জৰিয়তে গৰ্ভৱতী মহিলা আৰু তিনি বছৰৰ তলৰ শিশু সকলৰ বাবে লোৱা পুষ্টিকৰ আহাৰ যোগানৰ আঁচনিখন (Pregnant Women and Child Nutrition Scheme)ৰ সফল ৰূপায়ণ মানি লোৱা হয় ৷ শুকুৰবাৰে এই আঁচনিখন ছয়গাঁৱৰ শিশু উন্নয়ন প্ৰকল্প (Child Development Project) বিষয়াৰ কাৰ্যালয়ত উদ্বোধন কৰা হয় ৷ এই আঁচনিখন উদ্বোধন কৰে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে (Rekibuddin Ahmed) ৷

আঁচনিখনত ছয়গাঁৱৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ লগতে গৰৈমাৰীৰো একাংশকে ধৰি মুঠ ২৯৩ টা অংগনবাদী কেন্দ্ৰক সামৰি লোৱা হৈছে ৷ শুকুৰবাৰে উদ্বোধন কৰা এই আঁচনিখনৰ জৰিয়তে মুঠ ২৯৩০ গৰাকী গৰ্ভৱতী মহিলা আৰু ছমাহৰ পৰা তিনিবছৰলৈ মুঠ ৭১১২ গৰাকী শিশু উপকৃত হ’ব ৷

উল্লেখ্য যে, আঁচনিখনৰ মতে প্ৰতিগৰাকী গৰ্ভৱতী মহিলাক ৪৫ দিনৰ বাবে প্ৰতিদিনে ১২০ গ্ৰামকৈ চাউল আৰু ২৫ গ্ৰামকৈ মটৰৰ যোগান ধৰা হ’ব ৷ একেদৰে প্ৰতিটো শিশুক ৪৫ দিনৰ বাবে প্ৰতিদিনে ৭৫ গ্ৰাম চাউল আৰু ২০ গ্ৰামকৈ মটৰ যোগান ধৰা হ’ব ৷ ইয়াকে লৈ সৰ্বমুঠ ৩৭২১৫ কেজি চাউল আৰু ১০৬৪৯ কেজি চাউল ৪৫ দিনীয়া আঁচনিখনত খৰচ হ’ব ৷

আঁচনিখন উদ্ধোধন কৰি বিধায়ক গৰাকীয়ে কয় যে সমাজ কল্যাণ বিভাগৰ এনেধৰণৰ আঁচনিবোৰ সকলো ৰাইজে জনাটো প্ৰয়োজন ৷ এই ক্ষেত্ৰত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী তথা অংগনবাদী (Anganwadi)ৰ কৰ্মী সকলে ৰাইজক জড়িত কৰাব লাগে বুলি তেওঁ মতপোষণ কৰে ৷ গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে চৰকাৰে লোৱা এই আঁচনিৰ বিতৰণ ব্যৱস্থাটো স্বচ্ছ আৰু নিকা হোৱাটোও বিধায়ক গৰাকীয়ে কামনা কৰে ৷ আনহাতে, শুকুৰবাৰৰ এই কাৰ্যসূচীত ছয়গাঁৱৰ চক্ৰ বিষয়া জয়ন্ত বৰা আৰু ছয়গাঁও সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া পুষ্পাঞ্জলী গোস্বামী উপস্থিত থাকে ৷

লগতে পঢ়ক : লাভলীনা বৰগোঁহাইক বিধায়ক বিশ্বজিৎ ফুকনৰ শুভেচ্ছা

ABOUT THE AUTHOR

...view details