অসম

assam

বকোত জব্দ তিনিখনকৈ কাঠভৰ্তি মিনি ট্ৰাক

By

Published : Jun 18, 2020, 2:20 PM IST

বকো সমষ্টিৰ হাহিম-লালমাটিৰ পৰা বামুণীগাঁও বন বিভাগৰ বন সংৰক্ষক কুশল দাসৰ নেতৃত্বৰ এটা দলে তিনিখনকৈ কাঠ ভৰ্তি মিনি ট্ৰাক জব্দ কৰে ৷

বকোত জব্দ তিনিখনকৈ কাঠভৰ্তি মিনি ট্ৰাক
বকোত জব্দ তিনিখনকৈ কাঠভৰ্তি মিনি ট্ৰাক

বকো, 18 জুনঃবৃহস্পতিবাৰে পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বামুণীগাঁও বন বিভাগে তিনিখনকৈ কাঠ ভৰ্তি মিনি ট্ৰাক জব্দ কৰে ৷ বামুণীগাঁও বন বিভাগৰ বন সংৰক্ষক কুশল দাসৰ নেতৃত্বৰ এটা দলে জব্দ কৰে ট্ৰাক কেইখন ৷ বকো সমষ্টিৰ হাহিম-লালমাটিৰ পৰা জব্দ হয় কাঠ ভৰ্তি ট্ৰাককেইখন ৷

বকোত জব্দ তিনিখনকৈ কাঠভৰ্তি মিনি ট্ৰাক

জানিব পৰা মতে, ঘটনাস্থলীৰ পৰা ইতিমধ্যে পলায়ন কৰিছে অভিযুক্ত চোৰাং কাঠৰ ব্যৱসায়ী কেইজনে ৷ জব্দ হোৱা কাঠখিনিৰ মূল্য প্ৰায় 2 লাখ হ'ব বুলি উল্লেখ কৰে বিভাগীয় কৰ্তৃপক্ষই ৷ গাড়ী দুখন জব্দ কৰাৰ সয়মত বন সংৰক্ষক কুশল দাসক আক্ৰমণ চেষ্টা কৰা বুলি জানিবলৈ দিয়ে বন সংৰক্ষক গৰাকীয়ে ৷

লগতে পঢ়কঃআইচলেচন ৱাৰ্ডৰ পৰা কৰ'ণা আক্ৰান্তৰ মোবাইল চুৰি

ABOUT THE AUTHOR

...view details