ছয়গাঁও, ৮ ছেপ্টেম্বৰ :অসমৰ বনাঞ্চল ধ্বংস কৰি একাংশই অব্যাহত ৰাখিছে কাঠৰ চোৰাং সৰবৰাহ । বন বিভাগৰ (Forest Department) চকুৰ সন্মুখতে একাংশ লোকে অসমৰ ভিন্ন প্ৰান্তত এই দুস্কাৰ্য সংঘটিত কৰি আহিছে । বিশেষকৈ কামৰূপ জিলাৰ ছয়গাঁও অঞ্চলত শেহতীয়াকৈ বৃদ্ধি পাইছে কাঠৰ চোৰাং সৰবৰাহ (Smuggling of wood) । যাৰ বাবে ৰাইজ তথা বিভিন্ন দল সংগঠনে বন বিভাগত অভিযোগ উত্থাপন কৰি আহিছে ।
তেনে এক অভিযোগৰ পাছতে ছয়গাঁৱৰ উকিয়াম পথত চলিল বন বিভাগৰ অভিযান । নিশাৰ পৰা পুৱালৈ চলিল বন বিভাগৰ এই অভিযান । বন বিভাগৰ অভিযানত জব্দ চাইকেলসহ বৃহৎ পৰিমাণৰ কাঠ । কুলশী আঞ্চলিক বন বিষয়া দ্বিপন ডেকাৰ নেতৃত্বত চলোৱা এই অভিযানত চোৰাং কাঠ কঢ়িয়াই নিয়া আঠখন চাইকেল জব্দ কৰে ।