অসম

assam

ETV Bharat / state

আইডল কাণ্ডৰ অভিযুক্ত ড৹ কন্দৰ্প দাসে নিদিলে জাননীৰ উত্তৰ - ৰাজ্যপাল জগদীশ মুখীয়ে নিলম্বন কৰে ড৹ কন্দৰ্প দাসক

আইডৰ কেলংকাৰীত দোষী সাব্যস্ত হোৱা ড৹ কন্দৰ্প দাসৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে পৰৱৰ্তী বৈঠকত ল'ব চূড়ান্ত সিদ্ধান্ত ৷ ড৹ কন্দৰ্প দাসক দোষী সাব্যস্ত কৰা সন্দৰ্ভত কৈফয়ৎ বিচাৰি দহ দিনৰ ভিতৰত উত্তৰ দিবলৈ জাননী জাৰি কৰা হৈছিল ৷ যোৱা 30 ছেপ্তেম্বৰত সেই দহ দিনৰ সময়সীমা উকলি যায় ৷ কিন্তু সময়সীমা পাৰ হোৱাৰ পাছতো ড৹ কন্দৰ্প দাসে জাননীৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে ৷

idol-scam-convicted-dr-kandarpa-das-has-not-reply-the-notice-of-gu-yet
আইডল কাণ্ডৰ অভিযুক্ত ড৹ কন্দৰ্প দাসে নিদিলে জাননীৰ উত্তৰ

By

Published : Oct 2, 2021, 10:48 PM IST

গুৱাহাটী,2 অক্টোবৰ: ৰাজ্যৰ শিক্ষা জগতখনক কঁপাই যোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা প্ৰতিষ্ঠান চমুকৈ আইডলৰ কেলেংকাৰীৰ অন্যতম অভিযুক্ত হিচাপে দুখনকৈ তদন্ত কমিটীয়ে চিহ্নিত কৰা ড৹ কন্দৰ্প দাসে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ জাননীক অংগুষ্ঠ প্ৰদৰ্শন কৰিছে ৷ এই কথা আনকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে নিজে স্বীকাৰ কৰিছে ৷ সময়সীমা পাৰ হোৱাৰ পাছতো জাননীৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে ড৹ কন্দৰ্প দাস ৷

উল্লেখ যে, ন্যায়াধীশ আফটাব হুছেইন শইকীয়া আয়োগ আৰু আই পি এছ বিষয়া পল্লৱ ভট্টাচাৰ্যক লৈ গঠিন কৰা তদন্ত কমিটীয়ে দিয়া প্ৰতিবেদনৰ ভিত্তিত 20 ছেপ্তেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ বৈঠক অনুষ্ঠিত হৈছিল ৷ বৈঠকত দুখনকৈ আয়োগে তথা তদন্ত কমিটীয়ে ড৹ কন্দৰ্প দাসক দোষী সাব্যস্ত কৰা সন্দৰ্ভত কৈফয়ত বিচাৰি দহ দিনৰ ভিতৰত তাৰ উত্তৰ দিবলৈ তেওঁলৈ জাননী জাৰি কৰিছিল ৷ 30 ছেপ্তেম্বৰত সেই দহ দিনৰ সময়সীমা উকলি যায় ৷

আইডল কাণ্ডৰ অভিযুক্ত ড৹ কন্দৰ্প দাসে নিদিলে জাননীৰ উত্তৰ

কিন্তু সময়সীমা পাৰ হোৱাৰ পাছতো ড৹ কন্দৰ্প দাসে জাননীৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে ৷ এনে পৰিস্থিতিত ড৹ কন্দৰ্প দাসৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই সন্দৰ্ভত 5 অথবা 6 অক্টোবৰত পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ বৈঠক অনুষ্ঠিত হ'ব ৷ সেই বৈঠকতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হ'ব ৷

উল্লেখ যে ড৹ কন্দৰ্প দাসৰ ভুলৰ বাবে বলি হোৱা কেইবাহাজাৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যৎ যাতে নষ্ট নহয় তাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে ৷ এই সন্দৰ্ভত বিগত সময়ছোৱাত বিশ্ববিদ্যালয় অনুদান আয়োগক কেইবাখনো পত্ৰ প্ৰেৰণ কৰিছে ৷ অৱশ্যে আয়োগে এতিয়ালৈ এই বিষয়ত বিশেষ সঁহাৰি জনোৱা নাই ৷

যাৰ বাবে দুর্গাপূজাৰ বন্ধ খোলাৰ পাছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা সঁজাতি দল ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষৎ আৰু ডিগ্ৰী বাহাল ৰখাৰ স্বাৰ্থত আয়োগৰ নতুন দিল্লীস্থ কার্যালয়লৈ যাব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ উল্লেখ যে, 2010 ৰ পৰা 2017 চনলৈকে 21 টা বিষয়ত অনুমোদন নোহোৱা পাঠ্যক্ৰম আইডলে প্ৰদান কৰা বুলি 'কেগ'ৰ প্ৰতিবেদনত উন্মোচিত হৈছিল আৰু ইয়াৰ পাছত তদন্ত হৈছিল ৷ তদন্তত দোষী প্ৰমাণিত হৈছিল ড৹ কন্দৰ্প দাস ৷

উত্থাপিত অভিযোগ সত্য হিচাপে প্ৰমাণিত হোৱাৰ পিছত সেই সময়ৰ আইডলৰ সঞ্চালক কন্দৰ্প দাসক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদৰ পৰা নিলম্বন কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৷ চলিত বৰ্ষৰ 13 আগষ্টত ড৹ কন্দৰ্প দাসক নিলম্বন কৰা হৈছিল ৷ তেওঁৰ বিৰুদ্ধে 40 কোটি টকাৰ বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াৰ মাজতে বিগত বৰ্ষৰ মাৰ্চ মাহত কন্দৰ্প দাসক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছিল ৷

লগতে পঢ়কঃউপ-নিৰ্বাচনত অসমৰ ৰাইজে বিজেপি মিত্ৰজোঁটক আকোৱালি ল'ব: ৰণজিৎ কুমাৰ দাস

আইডলৰ প্ৰাক্তন সঞ্চালকজনৰ বিৰুদ্ধে উত্থাপিত প্ৰথমটো অভিযোগ হ’ল সঞ্চালকগৰাকীয়ে তেওঁৰ কাৰ্যকালত 21 টা অনুমোদন নোহোৱা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিছিল ৷ দ্বিতীয়তে সঞ্চালকগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষকৰ আচৰণবিধি 1984 ৰ 4 নং দফা ভংগ কৰিছিল ৷ তৃতীয় অভিযোগ অনুসৰি, বিশ্ববিদ্যালয় অনুদান আয়োগৰ দূৰ শিক্ষা পৰিষদৰ পৰা অনুমোদন লাভ কৰাটো বাধ্যতামূলক বুলি জানিও তেওঁ এইবোৰৰ অনুমোদন লাভ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷

চতুৰ্থ অভিযোগ হ’ল যে, তেওঁ 73,912 গৰাকী ছাত্ৰ-ছাত্ৰীক পাঠ্যক্ৰম শেষ কৰাই তেওঁলোকক নিয়োগৰ পৰা বঞ্চিত কৰিলে ৷ পঞ্চম অভিযোগ মতে, বিশ্ববিদ্যালয়ত 7 বছৰৰো অধিক কাল এনে পাঠ্যক্ৰম অনুমোদন অবিহনে চলাই আছিল বুলি অৱগত কৰোৱা নাছিল ৷ ইয়াৰ বাবেও বিশ্ববিদ্যালয়ৰ শিক্ষক আচৰণ বিধি 1984 ৰ 4 নং দফা অনুসৰি তেওঁক দোষী সাব্যস্ত কৰা হৈছে ৷ দাসৰ বিৰুদ্ধে উত্থাপিত ষষ্ঠটো অভিযোগ হ’ল অনুদান আয়োগৰ দূৰ শিক্ষা পৰিষদৰ নীতি নিয়ম তেওঁ মানি চলা নাছিল ৷

সপ্তম অভিযোগ অনুসৰি তেওঁৰ কাৰ্যকালত অনুমোদন অবিহনে এনে পাঠ্যক্ৰম চলাই যোৱাৰ বাবে বিশ্ববিদ্যালয়ে যথেষ্ট ধন ব্যয় কৰিবলগীয়া হৈছিল ৷ এই 7 টা মূল অভিযোগ উত্থান হৈছে কন্দৰ্প দাসৰ বিৰুদ্ধে ৷ ঘটনাটো পোহৰলৈ অহাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে লোৱা সিদ্ধান্ত মৰ্মে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে এখন এজনীয়া আয়োগ গঠন কৰা হৈছিল ৷ 2019 চনৰ 4 ডিচেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ে লোৱা সিদ্ধান্ত মৰ্মে এই আয়োগ গঠন কৰা হয় ৷

লগতে পঢ়কঃঅসম চুক্তি ৰূপায়ণঃ চৰকাৰে গঠন কৰি দিলে বিশেষ সমিতি

বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ পৰিষদখনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন 1947 অনুসৰি এই আয়োগ গঠন কৰিছিল ৷ সেই মতে 2019 চনৰ 7 ডিচেম্বৰত এই এজনীয়া আয়োগৰ হাতত যাৱতীয় নথি পত্ৰ হস্তান্তৰ কৰা হৈছিল ৷ ন্যায়াধীশ আফতাব হুছেইন শইকীয়া আয়োগে কেগৰ প্ৰতিবেদনৰ আধাৰত সমগ্ৰ বিষয়টো তদন্ত কৰি 2010 চনৰ 28 ছেপ্টেম্বৰত আয়োগৰ প্ৰতিবেদন গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ হাতত জমা দিয়ে ৷

তাৰ পাছত 2020 চনৰ 5 অক্টোবৰত অনুষ্ঠিত হোৱা গুৱাহাটী বিশ্বিবিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে এই প্ৰতিবেদন গ্ৰহণ কৰে ৷ উল্লেখ্য যে,আয়োগে এই প্ৰতিবেদন 2 টা খণ্ডত দাখিল কৰিছিল ৷ ইয়াৰ প্ৰতিলিপি গুৱাহাটী বিশ্বিবিদ্যালয়ৰ আচাৰ্য অসমৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰা হৈছিল ৷ আনহাতে শইকীয়া আয়োগৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত এই কেলংকাৰী সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী পৰিষদে নিযুক্তি দিয়া তদন্তকাৰী বিষয়া পল্লৱ ভট্টাচাৰ্যই 72 পৃষ্ঠা জোৰা এক প্ৰতিবেদন দাখিল কৰে ৷

এই প্ৰতিবেদনত প্ৰাক্তন সঞ্চালক কন্দৰ্প দাসক দোষী প্ৰমাণিত কৰা হৈছিল ৷ আইডলৰ প্ৰাক্তন সঞ্চালক কন্দৰ্প দাসৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ প্ৰায় সচাঁ বুলি প্ৰমাণিত হোৱাৰ পাছত বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী পৰিষদে তেওঁক এই সন্দৰ্ভত উত্তৰ দিবৰ বাবে 10 দিনৰ সময় প্ৰদান কৰিছিল যদিও তেওঁ কোনো উত্তৰ নিদিলে ৷ এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী পৰিষদে পৰবৰ্ত্তী বৈঠকত কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃশ্বেৰমান যদি পুৰুষ হয় দয়ানাথ শৰ্মাৰ কন্যাৰ সন্মুখত থিয় হওক: ড৹ জয়নাথ শৰ্মা

ABOUT THE AUTHOR

...view details