অসম

assam

ETV Bharat / state

ফটো বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়িকা নন্দিতা দাসৰ - ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ

এখন ফটোক লৈ এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে । অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী তথা বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে বিজেপি দলত যোগদান কৰিব নেকি? মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জন্মদিনৰ কেক কাটি থকা সময়ত তোলা এখন ফটোত বিধায়িকাগৰাকী থকাক লৈ ছ'চিয়েল মিডিয়াত আৰম্ভ হৈছে ব্যাপক চৰ্চা । সম্প্ৰতি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়িকা নন্দিতা দাসে ।

ফটো বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়িকা নন্দিতা দাসৰ
ফটো বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়িকা নন্দিতা দাসৰ

By

Published : Feb 3, 2021, 5:34 PM IST

বকো, ৩ ফেব্ৰুৱাৰী: বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জন্মদিনৰ কেক কাটি থকা সময়ত তোলা এখন ফটোত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস থকাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে ৰাজনৈতিক মহলত । তেওঁ বিজেপি দলত যোগদান কৰিব বুলিও ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ চলাইছে একাংশই । বুধবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী তথা বিধায়িকা নন্দিতা দাসে ।

ফটো বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়িকা নন্দিতা দাসৰ

তেওঁ কয় যে, এই বিশেষ ফটোখন কামৰূপ(গ্ৰাম্য)ৰ জিলা উপায়ুক্তৰ নতুন কাৰ্যালয়ৰ । উপায়ুক্ত কৈলাশ কাৰ্তিকৰ আমন্ত্ৰণমৰ্মে এই নতুন কাৰ্যালয়টোৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল বিধায়িকা নন্দিতা দাসে । একেটা অনুষ্ঠানতে উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কমলপুৰৰ বিধায়কগৰাকীও । বিধায়িকা নন্দিতা দাসে প্ৰকাশ কৰা মতে, জিলা উপায়ুক্তগৰাকীয়ে বিধায়কসকলক নতুন কাৰ্যালয়ৰ কোঠাবোৰ দেখুৱাইছিল ।

জিলা উপায়ুক্তগৰাকীয়ে নিজৰ কোঠাটোও দেখুৱাবলৈ তেওঁলোকক লৈ গৈছিল আৰু সেই সময়ত কোঠাটোত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেক কাটি আছিল । কোঠাটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত আছিল । সেই সময়ত সকলো বিধায়ক, জিলা উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তসহ কেইবাগৰাকীও বিষয়া উপস্থিত থকা বাবে সৌজন্যৰ খাতিৰত তেওঁ সেই কোঠাটোত উপস্থিত আছিল বুলি মন্তব্য কৰে বিধায়িকা নন্দিতা দাসে । আনহাতে, তেওঁ বিজেপি দলত যোগদান নকৰে বুলিও স্পষ্ট কৰি দিয়াৰ লগতে তেওঁ কংগ্ৰেছৰ এগৰাকী নিষ্ঠাবান কৰ্মী বুলিও মন্তব্য কৰে ।


লগতে পঢ়ক:ৰঙিয়াত মথাউৰি নিৰ্মাণৰ নামত ঠিকাদাৰৰ বৃহৎ দুৰ্নীতি

ABOUT THE AUTHOR

...view details