দক্ষিণ কামৰূপ,30জুনঃ বঙৰাস্থিত পতনঞ্জলি কোৱাৰেন্টাইন চেন্টাৰক নতুনকৈ কোভিড-19 চিকিৎসালয়ৰ ৰূপান্তৰ কৰিলে ৷ ইপিনে মঙলবাৰৰ পৰা ৰোগী অহা আৰম্ভ হৈছে চিকিৎসালয় খনলৈ। এই চিকিৎসালয়খনতে ৩০০ ৰোগীক ৰখাৰ ব্যৱস্থা কৰাৰ লগতে ৩২জন চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে । নতুনকৈ স্থাপন কৰা এই কোভিড-19 চিকিৎসালয়খনত মঙলবাৰৰ ভিতৰত ১৩০ জন ৰোগী আহি ভৰ্তি হ'ব । লগতে পৰ্যায়ক্ৰমে একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহো কোভিড-19 চিকিৎসালয়লৈ ৰূপান্তৰ কৰা হ'ব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয় খন পৰিদৰ্শন কৰি।
কোভিড চিকিৎসালয় পৰিদৰ্শন হিমন্ত বিশ্ব শৰ্মাৰ - ব্যক্তিগত খণ্ডৰ চিকিৎসালয়
দক্ষিণ কামৰূপৰ বঙৰাস্থিত পতনঞ্জলি কেন্দ্ৰৰ কোভিড-19ৰ চিকিৎসালয়ত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসক সত্যকাম ফুকনৰ বিষয়ক লৈ সংবাদ মাধ্যমক সমলোচনা কৰা দেখা যায় মঙলবাৰে ।
আনহাতে সংবাদমাধ্যমে ক‘ৰণাৰ অপ-প্ৰচাৰত লিপ্ত হৈ নিক্ৰিষ্ট কাম কৰিছে, এনেবোৰ কাৰণতে বাতৰি কাকতৰো পঢ়োৱৈৰ সংখ্যা দিনক দিনে কমি গৈছে । একাংশ সংবাদ মাধ্যম,যিয়ে অসমৰ মানুহৰ মৃতদেহ বিচাৰি ফুৰে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ কামৰূপৰ বঙৰাস্থিত পতনঞ্জলি কেন্দ্ৰত নতুনকৈ স্থাপন কৰা কোভিড-19 চিকিৎসালয়ত উপস্থিত হৈ কঠোৰ ভাষাৰে সমলোচনা কৰিলে সংবাদ মাধ্যমক । সাংবাদিকে সত্যকাম ফুকন সন্দৰ্ভত প্ৰশ্ন কৰাৰ পিছত চিনি নাপাও বুলি কৈ সংবাদ মাধ্যমকহে কঠোৰ ভাষাৰে সমলোচনা কৰা দেখা যায় মন্ত্ৰী গৰাকীয়ে ।
লগতে পঢ়কঃ টীয়কৰ জাঁজীমুখত প্লাৱিত ৩০ খনতকৈ অধিক গাঁও