এনআৰচিত নাম বাদ লোকৰ কাষত কংগ্ৰেছ নেতা দুলু আহমেদ - দুলু আহমেদ
হাজোত এনআৰচিত নাম বাদ পৰা ৩ হাজাৰ লোকক দুলু আহমেদে নিজাববীয়াকৈ আইনী সাহাৰ্য দিয়াৰ কথা ঘোষণা ৷
Hajo Congress leader Dulu Ahmed help 3000 NRC excluded people
হাজো, 9 ছেপ্তেম্বৰ : হাজোত এন আৰ চিত নাম বাদ পৰা ৩ হাজাৰ লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে হাজোৰ কংগ্ৰেছ নেতা দুলু আহমেদ । হাজোত এনআৰচি ত নাম বাদ পৰা ৩ হাজাৰ লোকক দুলু আহমেডে নিজাববীয়াকৈ আইনী সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰিছে । সোমবাৰে হাজোৰ বুল্লুট, বঙালপাৰা আদি অঞ্চলত কেইবাখনো সভা অনুষ্ঠিত কৰি এনআৰচি ৰ পৰা নাম বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকক সকলক সহায় কৰাৰ কথা জনায় দুলু আহমেদে । কোনো প্ৰকৃত ভাৰতীয়ৰ যাতে নাম NRC ৰ পৰা বাদ নপৰে তাৰ বাবে দুলু আহমেদৰ এই পদক্ষেপ ।