অসম

assam

ETV Bharat / state

কাৰ স্বাৰ্থত অস্থায়ী কাৰ্যালয়ত চলি আছে হজ কমিটীৰ কাম-কাজ ! - Islam community

কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই হজ ভৱনটো বৰ্তমানলৈকে কাৰ্যকৰী হৈ নুঠাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । প্ৰকৃততে কাৰ হেমাহিৰ বাবে বৰ্তমানো এনেদৰে পৰিত্যক্ত অৱস্থাত পৰি আছে ভৱনটো? হজ কমিটীৰ বিৰুদ্ধেও অভিযোগৰ আঙুলি টোৱাইছে একাংশ ৰাইজে । লগতে চৰকাৰে কোটি টকা খৰচ কৰিও এনেদৰেই হজ ভৱনটো পেলাই ৰখাত আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা মুছলমান সমাজে ৷

কাৰ স্বাৰ্থত অস্থায়ী কাৰ্যালয়ত চলি আছে হজ কমিটিৰ কাম কাজ !

By

Published : Jul 11, 2019, 5:37 PM IST

কামৰূপ,11জুলাইঃ পৰিত্যক্ত অৱস্থাত জালুকবাৰীৰ হজ ভৱন । নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে যদিও বৰ্তমানো ব্যৱহৃত হোৱা নাই ভৱনটো । যাৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত ক্ষোভ মুছলমান সমাজৰ । উল্লেখ্য যে সংখ্যালঘু ৰাইজ আৰু মুছলমান সংগঠনৰ দাবীত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মহানগৰীৰ জালুকবাৰীত স্থাপন কৰিছিল হজ ভৱনটো । কিন্তু প্ৰায় সম্পূৰ্ণ হোৱা ভৱনটো বৰ্তমানো ব্যৱহৃত নোহোৱাত জহি-খহি গৈছে অত্যাধুনিক হজ ভৱনটো । তাৰোপৰি ৰাজহুৱা প্ৰস্ৰাৱগাৰলৈ পৰ্যবসিত হৈছে ভৱনটোৰ চৌহদ । স্থায়ী ভৱনটোৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাৰ পাছতো ইছলামপুৰৰ অস্থায়ী কাৰ্যালয়ৰ পৰা হজ কমিটীৰ কাম-কাজ চলি থকাত ৰহস্যৰ গোন্ধ পাইছে একাংশ সচেতন লোকে ৷

কাৰ স্বাৰ্থত অস্থায়ী কাৰ্যালয়ত চলি আছে হজ কমিটিৰ কাম কাজ !

ইপিনে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই হজ ভৱনটো বৰ্তমানলৈকে কাৰ্যকৰী হৈ নুঠাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । প্ৰকৃততে কাৰ হেমাহিৰ বাবে বৰ্তমানো এনেদৰে পৰিত্যক্ত অৱস্থাত পৰি আছে ভৱনটো? হজ কমিটীৰ বিৰুদ্ধেও অভিযোগৰ আঙুলি টোৱাইছে একাংশ ৰাইজে । লগতে চৰকাৰে কোটি টকা খৰচ কৰিও এনেদৰেই হজ ভৱনটো পেলাই ৰখাত আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা মুছলমান সমাজে ৷

ABOUT THE AUTHOR

...view details