ৰঙিয়া, 4 অক্টোবৰ :যোৱা প্ৰায় তিনি মাহ ধৰি জলমগ্ন হৈ আছে ৰঙিয়া-গোৰেশ্বৰ সংযোগী গড়কাপ্তানী পথ । গড়কাপ্তানী পথটোৰ ধেপাৰগাঁও অঞ্চলত বৰ্তমানেও আছে এককাল পানী । ফলত যান-বাহনৰ চলাচল সম্পূৰ্ণ ব্যাহত হৈ আছে অঞ্চলটোত ।
মৰণক শৰণ কৰি যাতায়ত কৰিবলৈ বাধ্য গাঁওবাসীয়ে ৰোগীসকলক চিকিৎসালয়লৈ নিবলৈ হ'লে কান্ধত ভাৰ বান্ধি ১৫/২০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ বাধ্য হয় । ইয়াৰ উপৰিও পথৰ দাঁতিত থকা বহুকেইটা ঘৰৰ চোতালেৰে যোৱা প্ৰায় তিনি মাহৰ পৰা অহৰহ পানীৰ সোঁত বৈ আছে । কৰবালৈ যাবলগীয়া থাকিলে ৰাইজে এসাজ কাপোৰৰে অঞ্চলটোৰ পৰা ওলাই আহি পুনৰ আন এসাজ কাপোৰ পিন্ধিব লাগে । পথৰ দুৰৱস্থাৰ বাবে প্ৰশাসন তথা চৰকাৰৰ ওচৰত ৰাইজৰ কাতৰ আহ্বান, ৰাইজৰ যাতায়তৰ বাবে এখন নাওঁৰ ব্যৱস্থা কৰি দিয়ক চৰকাৰে ।