অসম

assam

ছয়গাঁৱত ডিজিটেল লাইব্ৰেৰীৰ আধাৰশিলা স্থাপন

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 8:05 AM IST

যিহেতু বৰ্তমান ডিজিটেলৰ যুগ, সেইবাৰে লাইব্ৰেৰীকো ডিজিটেল কৰিবলৈ বিশেষ আঁচনি হাতত লৈছে ৰাজ্য চৰকাৰে ৷ এই আঁচনিৰ অংশস্বৰূপে ছয়গাঁও চম্পকনগৰ ছোৱালী হাইস্কুল প্ৰাংগনত মঙলবাৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে এটা ডিডিটেল লাইব্ৰেৰীৰ আধাৰশিলা স্থাপন কৰে।

digital library
ছয়গাঁৱত ডিজিটেল লাইব্ৰেৰীৰ আধাৰশিলা স্থাপন

ছয়গাঁৱত ডিজিটেল লাইব্ৰেৰীৰ আধাৰশিলা স্থাপন

মিৰ্জা, 20 ডিচেম্বৰ : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন পঞ্চায়তত গ্ৰহণ কৰা হৈছে 'ডিজিটেল লাইব্ৰেৰী' স্থাপনৰ আঁচনি ৷ এই আঁচনিৰ অংশস্বৰূপে মঙলবাৰে ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও পঞ্চায়তত ডিজিটেল লাইব্ৰেৰীৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে।

সমষ্টিটোৰ অন্তৰ্গত চম্পক নগৰ গাঁও পঞ্চায়তৰ ছয়গাঁও চম্পকনগৰ ছোৱালী হাইস্কুল প্ৰাংগনত মঙলবাৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে এটা ডিডিটেল লাইব্ৰেৰীৰ আধাৰশিলা স্থাপন কৰে। 16 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া 'ডিজিটেল লাইব্ৰেৰী'ত অত্যাধুনিক সকলো সুবিধা লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয় চৌহদত এখন মুকলি সভা অনুষ্ঠিত হয় ।

এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছয়গাঁও সমষ্টিৰ স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদে ভাষণ প্ৰসংগত কয় যে, ছয়গাঁও সমষ্টিৰ তিনিটা ব্লকৰ 19 টা পঞ্চায়ততে 19 টা প্ৰকল্প স্থাপন কৰা হ’ব । প্ৰথম প্ৰকল্পটো আধাৰশিলা ছয়গাঁও চম্পক নগৰ ছোৱালী হাইস্কুলত শুভাৰম্ভ কৰা হৈছে ।

মুঠ 16 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই ডিজিটেল লাইবেৰী নিৰ্মাণৰ বাবে ইতিমধ্যে 8 লাখ টকা মুকলি কৰি দিয়া হৈছে বুলি বিধায়কগৰাকীয়ে ভাষণত ব্যক্ত কৰে । আনহাতে, ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ক বিধায়কৰ আদৰ্শ বিদ্যালয় হিচাপে ঘোষণা কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে ৷ লগতে বিধায়কগৰাকীয়ে উল্লেখ কৰে যে, ছাত্ৰীসকলৰ বাবে অতি সোনকালে প্ৰস্ৰাৱগাৰৰ বাবে ডেৰ লাখ টকা মুকলি কৰি দিয়া হ’ব ৷

এই বিশেষ অনুষ্ঠানটোত অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰত্ন মহন্ত, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰেণু দাস, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ধীৰাজ কুমাৰ দাসকে প্ৰমুখ্যে কৰি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক:পবিতৰাৰ সৌন্দৰ্যত মোহাচ্ছন্ন শ্ৰীলংকাৰ প্ৰতিনিধি

ABOUT THE AUTHOR

...view details