অসম

assam

ETV Bharat / state

আগন্তক 15 বছৰ শাসনলৈ আহিব নোৱাৰে কংগ্ৰেছ দল

প্ৰাক্তন কংগ্ৰেছী নেতা দুলু আহমেদৰ বিস্ফোৰক মন্তব্য ৷ অতিশীঘ্ৰে নতুন ৰাজনৈতিক দলত যোগদান কৰাৰ খবৰ ৰাজহুৱা কৰিব নেতা গৰাকীয়ে ৷ কংগ্ৰেছী বিধায়ক সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত নেতা গৰাকীৰ ৷

By

Published : Sep 1, 2020, 7:52 PM IST

Former Congress Leader Dulu Ahmed Reaction On Congress Party
প্ৰাক্তন কংগ্ৰেছী নেতা দুলু আহমেদৰ বিস্ফোৰক মন্তব্য

গুৱাহাটী, 1 ছেপ্তেম্বৰ :2021 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব ৷ আভ্যন্তৰীণ কন্দলৰে জৰ্জৰিত কংগ্ৰেছ দলে আগন্তক নিৰ্বাচনত মাত্ৰ 10 খন আসন লাভ কৰিব ৷ লগতে, কংগ্ৰেছ দলে অতি কমেও 15 বছৰ শাসনলৈ আহিব নোৱাৰে ৷ এই মন্তব্য প্ৰাক্তন কংগ্ৰেছী নেতা দুলু আহমেদৰ ৷

আনহাতে, কংগ্ৰেছৰ বহু শীৰ্ষ নেতাৰ বহু কেলেংকাৰী আছে বুলিও অভিযোগ তুলিছে যুৱ নেতা গৰাকীয়ে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী শীৰ্ষ কংগ্ৰেছ নেতাৰ কেলেংকাৰী তথ্য সহকাৰে নিৰ্বাচনৰ প্ৰাকক্ষণত ফাদিল কৰাৰ হুংকাৰ প্ৰদান কৰে দুলু আহমেদে । এই কেলেংকাৰী ফাদিল হ'লে সমগ্ৰ ৰাজ্যতে তোলপাৰ লাগিব বুলি এক প্ৰকাৰ সতৰ্কবাণী দিয়ে প্ৰাক্তন কংগ্ৰেছী নেতা গৰাকীয়ে । লগতে, কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাকো তীব্ৰ ভাষাৰে সমালোচনা কৰে দুলু আহমেদে ।

প্ৰাক্তন কংগ্ৰেছী নেতা দুলু আহমেদৰ বিস্ফোৰক মন্তব্য

শীঘ্ৰেই নতুন দলত যোগদানৰ খবৰ ৰাজহুৱা কৰিব বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰিলে যুৱ নেতা গৰাকীয়ে । লগতে, ছয়গাঁৱৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে দুলু আহমেদে ।

প্ৰাক্তন কংগ্ৰেছী নেতা দুলু আহমেদৰ বিস্ফোৰক মন্তব্য

লগতে পঢ়ক : সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গৰজি উঠিছে গোলাঘাটৰ বিভিন্ন দল-সংগঠন

ABOUT THE AUTHOR

...view details