আজাৰা, 12 জুলাই : পলাশবাৰীৰ দখলাত দুদিন ধৰি আশ্ৰয় লৈ থকা বন্য হস্তীক স্থানন্তৰৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে বন বিভাগৰ বিৰুদ্ধে ৷ যাৰ ফলত অঞ্চলটোৰ শ শ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদত উত্তাল কৰে পৰিবেশ । বনবিভাগৰ লোকে দূৰৈৰ পৰা চাই থাকিয়েই দায়িত্ব সামৰিব বিছৰাৰ ক্ষোভত ফাটি পৰে ৰাইজ । উপস্থিত থকা বন বিভাগৰ বিষয়া কৰ্মচাৰীক ঘেৰাও কৰি বিভিন্ন ধৰণৰ প্ৰশ্নৰে ব্যতিব্যস্ত কৰে ৰাইজে।
উল্লেখ্য যে শনিবাৰে পুৱাই পলাশবাৰীৰ দখলা ক'লনীত মহাবাহু ব্ৰহ্মপুত্ৰ বুকুৰে উটি অহা বন্যহস্তী পাৰত উঠি আতংকময় পৰিবেশৰ সৃষ্টি কৰাৰ পাচতো দুদিনধৰি বনবিভাগে একো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। স্থানীয় লোকে ধাৰণা কৰা মতে কাজিৰঙাৰ পৰা পানীৰ প্ৰবল সোঁতত উটি আহি দখলা ক'লনীত হাতীটোৱে নিজে নিজে পাৰলৈ উঠি আহি এতিয়া ইখন গাঁৱৰ পৰি সিখন গাঁৱলৈ বিচৰণ কৰি সৃষ্টি কৰিছে ভয়ানক পৰিস্থিতিৰ ।