অসম

assam

ETV Bharat / state

বজাৰৰ অভাৱ: পশুধনৰ খাদ্য হৈ পৰিছে ৰজনীগন্ধা - ৰজনীগন্ধা ফুল

ৰজনীগন্ধা ফুল গৰুক খুৱাইছে কৃষকে ৷ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বিয়া, সভা আদি অনুষ্ঠানবোৰৰ লগতে বজাৰো বন্ধ হৈ থকাত উপায়হীন কৃষকে এতিয়া গৰুক খুৱাবলৈ বাধ্য হৈছে মূল্যৱান ফুলবিধ ৷

বিঘাই বিঘাই ৰজনীগন্ধা ফুল গৰুক খুৱাবাইছে কৃষকে

By

Published : May 25, 2021, 2:09 PM IST

Updated : May 25, 2021, 5:57 PM IST

ৰঙিয়া, 25 মে’: এতিয়া বিঘাই বিঘাই ৰজনীগন্ধা ফুল গৰুক খুৱাবলৈ বাধ্য হৈছে ৰঙিয়াৰ হাচানটুকৰ কৃষকসকলে ৷ বজাৰত যথেষ্ঠ পৰিমাণে চাহিদা থকা এইবিধ ফুল এতিয়া পথাৰতে নষ্ট হ’বলৈ ধৰিছে । ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বিয়া, সভা আদি অনুষ্ঠানবোৰৰ লগতে বজাৰ বন্ধ হৈ থকাত উপায়হীন কৃষকে সম্প্ৰতি লোকচানৰ সন্মুখীন হৈছে ৷

স্বাভাৱিক অৱস্থাত এক বিঘা মাটিত ৰজনীগন্ধা ফুলৰ খেতি কৰি প্ৰায় দুই লাখতকৈ অধিক টকা লাভ কৰে খেতিয়কসকলে । কিন্তু, এতিয়া দীৰ্ঘদিনীয়া লক ডাউনৰ পিছত ভূতৰ ওপৰত দানহ পৰা দি পুনৰ আংশিক লক ডাউনে বিপদ মাতি আনিছে এইসকল কৃষকৰ জীৱনলৈ ।

বজাৰৰ অভাৱ: পশুধনৰ খাদ্য হৈ পৰিছে কষ্টেৰে ৰোৱা ৰজনীগন্ধা

কপালৰ ঘাম মাটিত পেলাই কঠোৰ সংগ্ৰামেৰে খেতি কৰা কৃষকসকলৰ বাবে এই সময়চোৱা অতি জটিল হৈ পৰিছে ৷ কৃষক ৰাইজে বজাৰৰ অভাৱত এতিয়া উৎপাদিত ৰজনীগন্ধা ফুলক লৈ হাহাকাৰ কৰিবলগীয়া হৈছে ৷ বিঘাই বিঘাই ৰজনীগন্ধা ফুল গৰুক খুৱাবলৈ বাধ্য হৈছে ৷

এক কথাত সম্প্ৰতি এনেধৰণৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে খেতিয়কসকলৰ মাজত । উল্লেখ্য যে, ইয়াৰে বহু কৃষকে বেংকৰ পৰা ঋণ লৈ খেতি কৰিছিল ।

কিন্তু মূৰকত এতিয়া মূৰে-কপালে হাত দিছে তেওঁলোকে । ইফালে, খেতিয়কসকলৰ অভিযোগ অনুসৰি সকলো ধৰণৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে তেওঁলোক । উপায়হীন কৃষকসকলে এতিয়া কৃষি মন্ত্ৰী তথা স্থানীয় বিধায়কৰ ওচৰত আৰ্থিকভাৱে কিছু সাহায্য বিচাৰি কাতৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক :উত্তৰ পূৱত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক: 4149 গাহৰিৰ মৃত্যু

Last Updated : May 25, 2021, 5:57 PM IST

ABOUT THE AUTHOR

...view details