মিৰ্জাত আবকাৰী বিভাগৰ অভিযান - দক্ষিণ কামৰূপ
সোমবাৰে দক্ষিণ কামৰূপৰ কেন্দ্ৰ বিন্দু মিৰ্জাত অভিযান চলাই আবকাৰী বিভাগে
দক্ষিণ কামৰূপ, ২৭ মে': সোমবাৰে মিৰ্জাত আবকাৰী বিভাগৰ বিশেষ অভিযান। মিৰ্জাৰ বিভিন্ন অঞ্চলৰ ধাবা,সাধাৰণ পান দোকান আদিত অবৈধ ভাৱে দেশীয় তথা বিলাতী সুৰা বিক্ৰী কৰি পৰিৱেশ বিনিষ্ট কৰি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে দীৰ্ঘ দিনৰ পৰাই । মিৰ্জাৰ আৱকাৰী বিভাগটোৰ বিৰুদ্ধে বিভিন্ন সময়ত সুৰা বিক্ৰেতাৰ সৈতে মিতিৰালি কৰাৰ অভিযোগ উঠি আহিছে। কিন্তু এই অভিযোগ খণ্ডন কৰি সোমবাৰে মিৰ্জা আবকাৰী বিভাগে মিৰ্জাৰ ধাবা,দোকান আদিত সুৰাৰ বিৰুদ্ধে অভিযান চলায়। কিন্তু অতি পৰিতাপৰ কথা যে আবকাৰী বিভাগৰ এই অভিযান কালত একো এটাই উদ্ধাৰ কৰিবলৈ সক্ষম নহল বিয়াগোম বিভাগটোৱে। সেয়ে এতিয়া সমগ্ৰ বিষয়টোক ৰহস্যৰ চকুৰে চাইছে অঞ্চলটোৰ সাধাৰণ ৰাইজে।