অসম

assam

By

Published : Jan 4, 2020, 2:51 PM IST

ETV Bharat / state

কামপুৰত আৰু গোলাঘাটত বন্যহস্তীৰ তাণ্ডৱ

কামপুৰৰ দাপৰা মাধৱপুৰ গাঁৱত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ। কেবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড । আনহাতে গোলাঘাটৰ বিষ্ণুপুৰৰ সেউজী পাৰতো বন্যহস্তীৰ ত্ৰাস । হাতীৰ জাকে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ ।

Elephant Terror at Kampur and Golaghat
কামপুৰত আৰু গোলাঘাটত বন্যহস্তীৰ তাণ্ডৱ

বঢ়মপুৰ,4 জানুৱাৰী: ৰাজ্যৰ বহু কেইখন জিলাত বৰ্তমানেও অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ৷ গোলঘাট, গোৱালপাৰাকে ধৰি নগাঁওৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিনৰ পৰা বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে শ-শ ভুক্তভোগী ৰাইজে ৷ নতুন বছৰৰ আৰম্ভণিতে শুকুৰবাৰে নিশা পুনৰ বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই নগাঁও জিলাৰ কামপুৰৰ দাপৰা মাধৱপুৰ গাঁৱত ৷ বনৰীয়া হাতীৰ জীকটোৱে নিশা ভাঙি লণ্ড-ভণ্ড কৰে 5 টাকৈ বাসগৃহ ৷ কথমপি প্ৰাণৰক্ষা কেইবাটাও পৰিয়ালৰ ৷ ঘৰ বাৰী হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে কামপুৰৰ এই সকল লোক ৷ উল্লেখ্য যে, বিগত এমাহ ধৰি কামপুৰৰ অঞ্চলত সন্ত্ৰাস চলাই আহিছে হাতীৰ জাকটোৱে ৷ এই বিষয়ে স্থানীয় ৰাইজে বাৰম্বাৰ বনবিভাগক অৱগত কৰাৰ পাছতো হাতীৰ জাকটো খেদাত ব্যৰ্থ হৈছে কামপুৰ বনবিভাগ ৷ উক্ত হাতীৰ দলটোৱে বৰ্তমান অৱস্থান কৰি আছে কেকুৰিবাৰী আৰু ঢিংগাঁও পথাৰৰ মাজত ৷

কামপুৰত বন্যহস্তীৰ তাণ্ডৱ

ইয়াৰ উপৰিও গোলাঘাটৰ বিষ্ণুপুৰৰ সেউজী পাৰতো বন্যহস্তীৰ ত্ৰাস । হাতীৰ জাকে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ । কথমপী প্ৰাণ ৰক্ষা কেইবাটাও পৰিয়ালৰ । হাতীৰ জাকে তহিলং কৰে বাৰীৰ খেতি পথাৰ, কলগছ ৷ লগতে ভাঙি লণ্ডভণ্ড কৰে তামোল, নাৰিকল আদি গছ । নিশাটো বাদেই দিনৰ ভাগতে জাক-জাক বন্য হস্তীয়ে খাদ্যৰ সন্ধানত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে । ইফালে হাতীৰ জকটোক খেদিবলৈ খবৰ দিয়াৰ পিছতো হাতী খেদিবলৈ উপস্থিত নহয় বন বিভাগৰ লোক ৷ উল্লেখ্য যে, দীর্ঘদিনে অঞ্চলটোত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷

গোলাঘাটত বন্যহস্তীৰ তাণ্ডৱ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details