অসম

assam

ETV Bharat / state

Man dies due to electrocution: বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ অকাল মৃত্যুক লৈ উত্তেজনা - Heated situation in Rangia

ৰঙিয়াত এগৰাকী বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ মৃত্যুক লৈ উত্তেজনা । ৰঙিয়াৰ মৰাণজানাৰ এটা উদ‍্যোগৰ বাবে বিদ‍্যুতৰ তাঁৰৰ মেৰামতিৰ কাম কৰিবলৈ গৈ মৃত্যুমুখত পৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীজন (Electrician dies due to electrocution) ।

Electricity department employee dies due to electrocution
বিদ‍্যুৎস্পৃষ্ট হৈ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ মৃত্যুলৈ ৰঙিয়াত উত্তেজনা

By

Published : Jun 4, 2023, 6:44 PM IST

বিদ‍্যুৎস্পৃষ্ট হৈ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ মৃত্যুলৈ ৰঙিয়াত উত্তেজনা

ৰঙিয়া,৪ জুন: ৰঙিয়াৰ মৰাণজানাত অঘটন । বিদ‍্যুৎস্পৃষ্ট হৈ মৃত্যু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ । মৃত লোকজন হৈছে বিদ‍্যুৎ বিভাগৰ দুই নং কাৰ্যালয়ৰ কৰ্মচাৰী তথা ৰঙিয়াৰ দুই নং নকুলৰ নিবাসী হামিদুৰ ৰহমান । ৰঙিয়াৰ মৰাণজানাৰ এটা উদ‍্যোগৰ বাবে বিদ‍্যুতৰ তাঁৰৰ মেৰামতিৰ কাম কৰিবলৈ গৈ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীজন মৃত্যুমুখত পৰে (Electricity department employee dies due to electrocution) ।

২ নং নকুলৰ ৰাইজৰ অভিযোগ অনুসৰি বিদ্যুতৰ যোগান বন্ধ নকৰাকৈ বিদ্যুতৰ কামত নিয়োগ কৰিছিল লোকজনক । হামিদুৰে বিদ্যুতৰ কাম কৰিবলৈ বিদ‍্যুতৰ খুটাত উঠা মাত্ৰেই বিদ্যুৎস্পৃষ্ট হৈ তলত চিটিকি পৰে । ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীজনে ঘটনাস্থলীতেই মৃত্যুক সাবতি লয় (Man dies due to electrocution) ।

পৰিয়ালবৰ্গই অভিযোগ কৰে যে বিদ‍্যুৎ বিভাগৰ ৰঙিয়াৰ ২ নং বৈদ‍্যুতিক উপ সংমণ্ডলৰ প্ৰৱন্ধকৰ ভুলৰ বাবে হামিদুৰ ৰহমানে প্ৰাণ হেৰুৱাব লগীয়া হয় । ইফালে হামিদুৰৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত ৰঙিয়াৰ স্বস্তি হাস্পতালত দুই নং নকুলৰ ৰাইজ উপস্থিত হৈ সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতিৰ (Heated situation in Rangia) ।

আনহাতে, বিভাগটোৰ তিনিজন কৰ্মচাৰী ঘটনাটো সম্পৰ্কে জানিবলৈ হাস্পতালত খবৰ ল’বলৈ উপস্থিত হয় । কিন্তু হাস্পতালত থকা দুই নং নকুলৰ একাংশ উত্তেজিত লোকে মাৰধৰ কৰে বিদ‍্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰী কেইগৰাকীক । বিদ্যুৎ বিভাগৰ তিনিগৰাকী কৰ্মচাৰী চিকিৎসালয়খনতে ঢলি পৰে যদিও একাংশ উত্তেজিত লোকে লাঠিয়াই গুৰিয়াই গুৰুতৰভাৱে আহত কৰে ।

চিকিৎসালয়খনৰ নিৰাপত্তাৰক্ষীৰ বাধা নেওচি উত্তেজিত লোকসকলে সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতিৰ । এই সমষ্ট মাৰপিটৰ ঘটনা ইতিমধ্যে বন্দী হৈছে চিকিৎসালয়খনৰ চিচিটিভি কেমেৰাত । পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ইফালে বিদ্যুৎ বিভাগৰ তিনি কৰ্মচাৰীক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক:Assam govt in debt : দ্বিধাহীনভাৱে পুনৰ এহাজাৰ কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে

ABOUT THE AUTHOR

...view details