ৰঙিয়া, 25 মাৰ্চ: সমষ্টিয়ে সমষ্টিয়ে এতিয়া ৰাজনৈতিক নেতাৰ সঘন আহ-যাহ চলিছে ৷ ৰাইজৰ মাজত দেখা গৈছে ৰাজনৈতিক দলৰ প্ৰাৰ্থীক ৷ ৰঙিয়া বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনে নিজ সমষ্টিত চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷
মন্ত্ৰী ভবেশ কলিতাই বিধায়ক হোৱাৰ পূৰ্বে এখন ভঙা চাইকেলৰহে মালিক আছিল । কিন্তু আজি তিনিশ কোটি টকাৰ মালিক কেনেকৈ হ’ল ! জলসিঞ্চন বিভাগৰ চাকৰি বিক্ৰী কৰি কমিচন গোটাই মন্ত্ৰী ভবেশ কলিতাই আজি তিনিশ কোটিৰ সম্পত্তিৰ মালিক হৈছে । এই অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনে ৷
ভবেশ কলিতাৰ কু-কৰ্ম লুকুৱাই ৰাখিবলৈ আস্ফালন কৰি আছে:হৰেশ্বৰ বৰ্মন উল্লেখ্য যে, এই অভিযোগ উত্থাপনৰ পিছতে হৰেশ্বৰ বৰ্মনৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছিল বিজেপিৰ ফালৰ পৰা । মন্ত্ৰী ভবেশ কলিতাৰ এজেন্টসকলে চাকৰি পোৱা প্ৰাৰ্থীৰ অভিভাৱকৰ ৰূপত আহি তিনি ঘন্টাৰ ভিতৰত অভিযোগ উঠাই নল’লে গোচৰ তৰাৰ যি হুংকাৰ দিছে, সেয়া তিনি ঘন্টাৰ পৰিৱৰ্তে তিনিশ বছৰ পিছতো গোচৰ দিয়াৰ সাহস নাই বুলি মন্তব্য কৰে হৰেশ্বৰ বৰ্মনে । লগতে ৰঙিয়া বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে, জলসিঞ্চন বিভাগৰ চাকৰিৰ নামত কাৰ পৰা কিমান টকা লোৱা হৈছে তাৰ প্ৰমাণ দিবলৈও প্ৰস্তুত । ভবেশ কলিতাৰ কু-কৰ্ম লুকুৱাই ৰাখিবলৈ এনেদৰে আস্ফালন কৰি আছে বুলি মন্তব্য কৰে হৰেশ্বৰ বৰ্মনে ।
লগতে পঢ়ক:ধেমাজি নগৰত ডাঃ ৰনোজ পেগুৰ নিৰ্বাচনী প্ৰচাৰ সভা