ৰঙিয়া, 20 আগষ্টঃ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা ঘোষণা হোৱাৰ পিছতে বিটিচিত আৰম্ভ হ’ল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ যৌথ নিৰ্বাচনী প্ৰচাৰ । গোৰেশ্বৰ সমষ্টিৰ কাউৰবাহাত কংগ্ৰেছ আৰু এ আই ইউ ডি এফে আয়োজন কৰিলে যৌথ নিৰ্বাচনী প্ৰচাৰ সভা । উক্ত সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা, কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়ো, এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম, জেহেৰুল ইছলাম, কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা, কংগ্ৰেছৰ বিধায়ক ইলিয়াছ আলী, ঘনশ্যাম কলিতা, আবুবক্কাৰ চিদ্দিকক একেলগে দেখা যায় ৷
ৰঙিয়াৰ কাউৰবাহাত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ নিৰ্বাচনী প্ৰচাৰ - Election campaign by Congress and AIUDF at Rangia
কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা ঘোষণা হোৱাৰ পিছতে বিটিচিত আৰম্ভ হ’ল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ যৌথ নিৰ্বাচনী প্ৰচাৰ ৷
দলদুটাই নিৰ্বাচনী প্ৰচাৰ চলাই ক্ষুৰধাৰ সমালোচনা কৰিলে বিজেপি, বিপিএফ আৰু ইউ পি পি এলক । হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োক ধুনীয়া ছোৱালীৰ লগত আখ্যা দি কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৱে কয় যে, বিজেপিয়ে দিনত হাগ্ৰামা মহিলাৰীৰ লগত প্ৰেম কৰিছে, ৰাতি আকৌ প্ৰমোদ বড়োৰ লগত প্ৰেম কৰিছে । আচলতে কাক বিয়া কৰাব সেয়া স্পষ্ট কৰিব লাগে । লগতে আছুৰ নতুন দল গঠন সম্পৰ্কত অসম কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই কয় যে, আছুৰ দলে ক্ষতি কৰিলে বিজেপিক ক্ষতি কৰিব কংগ্ৰেছৰ বিশেষ ক্ষতি নহয় বুলি কটাক্ষ কৰে বিজেপিক ।
লগতে পঢ়কঃবিজেপিৰ নৱ নিযুক্ত ৰাজ্যিক সম্পাদক তৰংগ গগৈক সম্বৰ্ধনা