অসম

assam

ETV Bharat / state

Ranoj Pegu Controversy: শিক্ষকক উদ্দেশ্যি কটু মন্তব্য শিক্ষামন্ত্ৰীৰ; ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া - শিক্ষামন্ত্ৰী ৰণোজ পেগু

এইবাৰ শিক্ষকক তাচ্ছিল্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ৷ শিক্ষকৰ জ্ঞাপন পৰিসৰ ব্যাখ্যা কৰিবলৈ গৈ শিক্ষকৰ মগজুক শূন্যৰ সৈতে তুলনা কৰিলে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ তেওঁৰ মন্তব্যৰ পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

Ranoj Pegu Controversy
Ranoj Pegu Controversy

By

Published : Jun 25, 2023, 6:13 PM IST

শিক্ষকক উদ্দেশ্যি কটু মন্তব্য শিক্ষামন্ত্ৰীৰ

বকো, 25 জুন: এইবাৰ শিক্ষকক তাচ্ছিল্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ৷ শিক্ষকৰ জ্ঞানৰ পৰিসৰ সন্দৰ্ভত টুলুঙা মন্তব্য শিক্ষামন্ত্ৰীগৰাকীৰ ৷ শিক্ষামন্ত্ৰী মন্তব্যৰ পাচতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া ৷ উল্লেখ্য যে, শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত শিক্ষকক সন্মুখত বহুৱাই বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাচ্ছিল্য কৰাৰ কথা সকলোৰে বিদিত ৷

জ্যেষ্ঠজনৰ পদাংক অনুকৰণ কৰাৰ দৰে এইবাৰ যেন সেই একেই পন্থা ল’লে বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷ শিক্ষকৰ জ্ঞানৰ পৰিসৰ ব্যাখ্যা কৰিবলৈ শিক্ষকক উদ্দেশ্যি কটু মন্তব্য শিক্ষামন্ত্ৰীৰ ৷ ৰণোজ পেগুৰ মতে ৰাজ্যৰ একাংশ শিক্ষকৰ মগজু শূন্য ৷

শনিবাৰে বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত অনুষ্ঠিত অসম কলেজ অধ্যক্ষ পৰিষদৰ বাৰ্ষিক অধিৱেশনত উপস্থিত আছিল শিক্ষামন্ত্ৰী ৰণোজ পেগু ৷ সেই অনুষ্ঠানতে শিক্ষকৰ জ্ঞাপন পৰিসৰ ব্যাখ্যা কৰাৰ চেষ্টা শিক্ষামন্ত্ৰীগৰাকীৰ ৷ ভাষণৰ মাজতে একাংশ শিক্ষকক টাৰ্গেট ৰণোজ পেগুৰ ৷ শিক্ষামন্ত্ৰীগৰাকীৰ মতে ‘‘মূৰত মাল নাই একাংশ শিক্ষকৰ’’ ৷

মাৰ্জিতভাৱে ক’বলৈ গ’লে ৰণোজ পেগুৰ মতে একাংশ শিক্ষকৰ মগজু শূন্য ৷ একাংশ শিক্ষকে অধ্যয়ন নকৰে ৷ চৰকাৰী চাকৰি পোৱাৰ পাচত পঢ়া-শুনা বাদ দিছে একাংশ ফাঁকিবাজ শিক্ষকে ৷ শিক্ষকক উদ্দেশ্যি কৰা এনে মন্তব্য আৰু শিক্ষা বিভাগৰ দৰে গুৰু দায়িত্বত থকা এগৰাকী মন্ত্ৰী শব্দ চয়ন দেখি এতিয়া সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষকসকলেও ৷

ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাচত অৱশ্যে আত্মপক্ষ সমৰ্থন কৰি টুইটাৰত চাফাই দিলে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ শিক্ষামন্ত্ৰীগৰাকীৰ মতে তেওঁ হেনো সৌহাদ্যপূৰ্ণ পৰিৱেশতহে সেই মন্তব্য কৰিছিল ৷ শিক্ষকক সকীয়নি দিয়াৰ বাতৰিও মিছা বুলি ক’লে ৰণোজ পেগুৱে ৷

উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাচতেই সৰ্বত্ৰে উঠিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগৰ দাবী ৷ নিজৰ বিভাগটোও ভালদৰে পৰিচালনা কৰাত ব্যৰ্থ হোৱা এইগৰাকী শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এইবাৰ শিক্ষককো তাচ্ছিল্য কৰিবলৈ নেৰিলে ৷ এগৰাকী জনপ্ৰতিনিধি তথা শিক্ষামন্ত্ৰীৰ এনে মন্তব্যত কোনোৱেই এতিয়া সহজভাৱে ল’ব পৰা নাই ৷

লগতে পঢ়ক:Constituency Delimitation 2023: তৎপৰ নিৰ্বাচন আয়োগ; ১৫ আগষ্টৰ ভিতৰত চূড়ান্ত কৰাৰ লক্ষ্য সমষ্টি পুনৰ নিৰ্ধাৰণ

ABOUT THE AUTHOR

...view details