ৰঙিয়া, 1 ছেপ্টেম্বৰ :প্ৰখৰ ৰ’দত চিৰাল ফাঁট মেলিছে খেতি পথাৰত ৷ এটুপি পানীৰ বাবে মূৰে কপালে হাত দিছে কৃষকে ৷ খৰাং পৰিস্থিতিৰ উদ্ভৱ হোৱা ৰাজ্যৰ আন ঠাইৰ কথাতো বাদেই, খোদ জলসিঞ্চন মন্ত্ৰীৰ গৃহ সমষ্টিতেই পানীৰ বাবে হাহাকাৰ কৃষকৰ ৷
জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াত পানীৰ অভাৱত পথাৰত চিৰাল ফাঁট মেলিছে । ৰঙিয়াৰ পীতাম্বৰহাট, বজালীৰ কেইবাশ বিঘা মাটিৰ শালি খেতি এতিয়া ৰঙচুৱা হ’বলৈ ধৰিছে । বাৰিষাৰ আৰম্ভণিতে যথেষ্ট বৰষুণ হৈছিল যদিও এতিয়া বতৰ শুকান হৈছে । ফলত বৰষুণৰ অভাৱত পথাৰৰ মাটিত ফাঁট মেলিছে ।