অসম

assam

By

Published : Oct 26, 2021, 1:22 PM IST

ETV Bharat / state

ষষ্ঠ অনুসূচীৰ দাবীত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ ডিজিটেল প্ৰতিবাদ

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ(Rabha Hasong Autonomous Council)খন ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তিৰ দাবী কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা(Rabha Students Union)ৰ ডিজিটেল প্ৰতিবাদ(Digital Protest) ৷ প্ৰতিবাদত কামৰূপ(গ্ৰাম্য) জিলাৰ প্ৰায় 5 হাজাৰ ৰাভা ছাত্ৰ সন্থাৰ কৰ্মী-সমৰ্থকৰ অংশগ্ৰহণ ৷

digital-protest-by-rabha-students-union
কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ ডিজিটেল প্ৰতিবাদ

বকো, 26 অক্টোবৰ : ৰাজপথত নহয়, এইবাৰ সামাজিক মাধ্যম(Social Media)ত প্ৰতিবাদৰ জোৱাৰ ৷ সোমবাৰে ডিজিটেল প্ৰতিবাদ(Digital Protest) সাব্যস্ত কৰে কামৰূপ(গ্ৰাম্য) ৰাভা ছাত্ৰ সন্থা(Rabha Students Union)ই ৷ প্ৰতিবাদৰ মূল উদ্দেশ্য আছিল- ৰাভা-হাছং স্বায়ত্ব শাসিত পৰিষদ(Rabha Hasong Autonomous Council)খন ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তি কৰিব লাগে ৷

কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ ডিজিটেল প্ৰতিবাদ

পুৱা 10 বজাৰ পৰা দিনৰ 2 বজালৈ ৰাভা ছাত্ৰ সন্থাই সাব্যস্ত কৰে ডিজিটেল প্ৰতিবাদ । প্ৰতিবাদত সহযোগ কৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, কামৰূপ জিলা ৰাভা মহিলা পৰিষদ, কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত কামৰূপ জিলা ৰাভা জাতীয় পৰিষদ, ৰাভা সাহিত্য সভা, কৰ্মচাৰী পৰিষদ, কৃষ্টি সন্মিলনৰ সহযোগত কামৰূপ(গ্ৰাম্য) জিলাৰ প্ৰায় 5 হাজাৰ ৰাভা ছাত্ৰ সন্থাৰ কৰ্মী-সমৰ্থকে ৷

কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ ডিজিটেল প্ৰতিবাদ

সামাজিক মাধ্যম তথা ফেচবুক(Facebook)ৰ জৰিয়তে ৰাভা-হাছং স্বায়ত্ব শাসিত পৰিষদখন ভাৰতীয় সংবিধানখন ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰিবলৈ চৰকাৰক দাবী জনায় ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলে ৷

এইক্ষেত্ৰত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অজিত ৰাভা(Ajit Rabha)ই সংবাদ মাধ্যমৰ আগত কয় যে, এই দাবী দীৰ্ঘদিনীয়া । নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপৰিও ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ সৈতে ৰাজ্য চৰকাৰে বাৰম্বাৰ আলোচনাত বহাৰ পাচতো ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদখন ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ যোগাত্মক সঁহাৰি জনোৱা নাই ।

লগতে তেওঁ কয় যে, মাথো ৰাজ্য চৰকাৰে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ দীৰ্ঘদিনীয়া দাবীত কেবিনেটত উপ-সমিতি গঠন কৰিয়েই বিষয়টো ক্ষান্ত কৰিব বিচাৰিছে । যদিহে ৰাজ্য চৰকাৰে তৎকালীনভাৱে পৰিষদখন ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাই সাংগঠনিক স্থিতি প্ৰবল কৰাৰ বাবে শীঘ্ৰে চাইকেল ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰিব ৷

কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ ডিজিটেল প্ৰতিবাদ

ৰাভা জাতীয় সংগঠনৰ লগতে বিভিন্ন জাতীয় সংগঠনৰ ঐক্য মঞ্চ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ দীৰ্ঘদিনীয়া দাবী আৰু গণতান্ত্ৰিক আন্দোলনৰ ফলশ্ৰুতিৰে এই পৰিষদখন গঠন হৈছিল । পৰিষদখনৰ জৰিয়তে ৰাভা হাছঙৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত বিভিন্ন কাম-কাজ কৰি থকা হৈছে । কিন্তু তৎস্বত্বেও বিভিন্ন জাতি-জনগোষ্ঠীৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে দীৰ্ঘদিন ধৰি এই দাবী উত্থাপন কৰি আহিছে ।

উল্লেখ্য যে, কামৰূপ(গ্ৰাম্য) জিলাৰ ৰাণীৰ পৰা গোৱালপাৰা জিলাৰ জয়ৰামকুছিলৈ মুঠ 779 খন ৰাজহ গাঁও সাঙুৰি 2013 চনত গঠন হৈছিল ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ । পৰিষদখন ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ দাবীত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে দীৰ্ঘদিনৰ পৰা গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিছে ।

বিগত নিৰ্বাচনত বিজেপিক ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে সহায় সহযোগিতা আগবঢ়াই আহিছে যদিও বৰ্তমানলৈ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

লগতে পঢ়ক :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭ টাকৈ এনিমেল কৰিড'ৰত জাৰি ১৪৪ ধাৰা

ABOUT THE AUTHOR

...view details