ৰঙিয়া, 29জুনঃৰঙিয়াৰ মৌতকুচিত পুঠিমাৰী নৈত ভয়ংকৰভাবে বৃদ্ধি পাইছে নৈ খনৰ জল পৃষ্ঠ । ইতিমধ্যে নৈ খনৰ বাঢ়নী পানীৰ ফলত মথাউৰিটো ডুব যাও-যাও অৱস্থাৰ সৃষ্টি হৈছে । উক্ত ঘটনাত শংকিত হৈ মথাউৰিটো ভেটা দিয়াৰ অপ্ৰাণ চেষ্টা নৈ পৰীয়া ৰাইজৰ ৷
ৰাজ্য খনত দীৰ্ঘ দিনৰে পৰা হৈ থকা প্ৰৱল বৰষুণত ইতিমধ্যে বিভিন্ন জিলাত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ঠিক একেদৰে ৰঙিয়াৰ মৌতকুচিত পুঠিমাৰী নৈখনো ফেনেফোটোকাৰে বৃদ্ধি পাইছে জলস্তৰ ৷ উক্ত ঘটনাটোৰ বাবে এতিয়া শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷ নৈ খনত থকা মথাউৰিটো বাঢ়নী পানীত ডুৱ যাও-যাও অৱস্থাৰ সৃষ্টি হৈছে ৷ তাৰোপৰি নৈ খনে খহাই নিছে মথাউৰিটোৰ কেইবাটাও অংশ ৷ এই ভয়ংকৰ বিপদৰ পৰা মথাউৰিটোক ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা অঞ্চলটোৰ গঞা ৰাইজৰ । বৰষুণত তিতিবুৰি ৰাইজে বাঁহ ,গছৰ ডাল ,শিল আদিৰে গৰাখহনীয়া ৰোধৰ বাবে ওলাই আহিছে । নৈখনে মথাউৰিটো ছিঙি নিলে নানান দুৰ্যোগৰ সন্মুখীন হ'ব লাগিব বুলি শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।