অসম

assam

ETV Bharat / state

কামৰূপত বিহুৰ সমানে উদযাপিত হৈছে সুঁৱৰি - কামৰূপ

দধিমন্থনৰ উদ্দেশ্য হ'ল স্মৰণ কৰা আৰু সেই বাবে দধিমন্থনক সুঁৱৰি উৎসৱ বুলিও কোৱা হয় ৷ দধিমন্থনত বাল গোপালক খোৱা বস্ত দিলে মনৰ আশা পুৰণ হয় বুলিও এক প্ৰৱাদ চলি আহিছে ৷

দধিমন্থনৰ উদ্দেশ্য হল স্মৰণ কৰা আৰু সেই বাবে দধিমন্থনক সুৱৰি উৎসৱ বুলিও কোৱা হয় ৷ দধিমন্থনত বাৰ গোপালক খোৱা বস্ত দিলে মনৰ আশা পুৰণ হয় বুলিও এক প্ৰবাদ চলি আহিছে ৷

By

Published : May 2, 2019, 1:03 PM IST

নিউজ ডেস্ক, 2 মে’: ৰাজ্যত ৰঙালী বিহু উদযাপনৰ সমান্তৰালভাৱে কামৰূপ জিলাৰ বিভিন্ন স্থানত উদযাপিত হৈ আহিছে পৰম্পৰাগত দধিমন্থন উৎসৱ ৷ ৰঙালী বিহুৰ উদযাপনৰ সমান্তৰালভাৱে কামৰূপ জিলাৰ বিভিন্ন গাঁৱত উদযাপিত হৈ আহিছে পৰম্পৰাগত দধিমন্থন উৎসৱ ৷ বিশেষকৈ ছয়গাঁও অঞ্চলত পহিলা বহাগৰ পৰা উদযাপিত হৈ আহিছে এই দধিমন্থন উৎসৱ । মূলত ভগৱান শ্ৰীকৃষ্ণৰ শিশু কালৰ লীলা তথা গোপ-গোপী সকলে কৰা দধিমন্থনক প্ৰতীকি হিচাপে লৈ সম্পূৰ্ণ ধৰ্মীয়ভাৱে উদযাপন কৰা হয় এই দধিমন্থন উৎসৱ ৷ দধিমন্থনৰ দিনা পুৱা কৃষ্ণ আৰু বলোৰাম সহ বাৰ গোপালক আদৰি আনি এক আছুতীয়া আসনত বহুওৱা কৰা হয় ৷ বাৰ গোপাল সকলক মহিলা-পুৰুষ উভয়ে সেৱা জনাই আশীৰ্বাদ লয় ৷ দধিমন্থনৰ আগেয়ে দৰ্শকৰ আমোদৰ বাবে এখন ধৰ্মীয় নৃত্য নাটিকাও প্ৰদৰ্শন কৰা হয় ৷

দধিমন্থনৰ উদ্দেশ্য হল স্মৰণ কৰা আৰু সেই বাবে দধিমন্থনক সুৱৰি উৎসৱ বুলিও কোৱা হয় ৷ দধিমন্থনত বাৰ গোপালক খোৱা বস্ত দিলে মনৰ আশা পুৰণ হয় বুলিও এক প্ৰবাদ চলি আহিছে ৷

লগতে পঢ়ক: ৰাজ্যত পুনৰ সোপাধৰাৰ আতংক; বৃদ্ধক গণপ্ৰহাৰ

উল্লেখ যোগ্য যে দধিমন্থনৰ উদ্দেশ্য হল স্মৰণ কৰা আৰু সেই বাবে দধিমন্থনক সুঁৱৰি উৎসৱ বুলিও কোৱা হয় ৷ দধিমন্থনত বাল গোপালক খাদ্য বস্তু দিলে মনৰ আশা পুৰণ হয় বুলিও এক প্ৰৱাদ চলি আহিছে ৷

ABOUT THE AUTHOR

...view details