ৰঙিয়া,19 এপ্ৰিল : ৰঙিয়া ৰে’ল জংচনত চলিছে বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলৰ ক’ভিড পৰীক্ষা ৷ ক’ভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্ৰহণ কৰিছে ৰঙিয়া মহকুমা প্ৰশাসনে ৷
প্ৰতিদিনে বহিঃৰাজ্যৰ পৰা ৰে’লযোগে ৰঙিয়া জংচনত উপস্থিত হোৱা 300-400 গৰাকী যাত্ৰীক ৰেপিড এণ্টিজেন টেষ্ট কৰা হয় ৷ অৱশ্যে বহিঃৰাজ্যৰ পৰা অহা ৰে’লযাত্ৰীসকলৰ দেহত বৰ্তমানলৈকে ধৰা পৰা নাই ক’ভিডৰ অৱস্থিতি ৷