অসম

assam

ETV Bharat / state

ক’ভিড-19 ক লৈ আতংকময় পৰিবেশ ৰঙিয়াত - covid 19

ৰঙিয়া নগৰত কৰ'না ভাইৰাছৰ গণ সংক্ৰমণৰ আশংকা কৰা হৈছে । নগৰখনৰ ৫ নং ৱাৰ্ডৰ অন্তৰ্গত শান্তিপুৰৰ এটা অঞ্চলত ১২ জন লোকৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ । ইয়াৰে অধিকাংশ‌ একেটা পৰিয়ালৰে।

corona virus
corona virus

By

Published : Jul 25, 2020, 2:25 PM IST

ৰঙিয়া, 25 জুলাই : ক’ভিডক লৈ আতংকময় পৰিবেশ ৰঙিয়াত ৷ ৰঙিয়া নগৰত কৰ'না ভাইৰাছৰ গণ সংক্ৰমণৰ আশংকা কৰা হৈছে । নগৰখনৰ ৫ নং ৱাৰ্ডৰ অন্তৰ্গত শান্তিপুৰৰ এটা অঞ্চলত ১২ জন লোকৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ । ইয়াৰে অধিকাংশ‌ একেটা পৰিয়ালৰে। এই অঞ্চলটোৰে সজান্তি বনিয়া নামৰ এগৰাকী মহিলাৰ বুধবাৰে মৃত্যু হৈছিল। মহিলা গৰাকীক স্থানীয় শ্মশানত অন্ত্যাষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল । হাপানি ৰোগৰ লগতে জ্বৰত আক্ৰান্ত মহিলা গৰাকীক বুধবাৰে ৰঙিয়াৰ সামূহিক চিকিৎসা কেন্দ্ৰলৈ নিয়া হৈছিল। তাত চিকিৎসা আৰম্ভ কৰাৰ কিছু সময়তে পাচতে মহিলা গৰাকীৰ মৃত্যু হয়।

ক’ভিড-19 ক লৈ আতংকময় পৰিবেশ ৰঙিয়াত

মৃত মহিলা গৰাকীয়ে কভিড-১৯ ত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰাত পাচত মৃতকৰ পৰিয়ালৰ অধিকাংশৰে ক’ভিডৰ ৰেপিড টেষ্ট কৰা হয়। উক্ত পৰীক্ষাৰ ফলাফলত পৰিয়ালটো আৰু আত্মীয়ৰ মুঠ ১২ গৰাকীৰ দেহত ক’ভিড-১৯ ধৰা পৰে। লগে লগে অঞ্চলটোত এইলৈ এক আতংকময় পৰিবেশৰ সৃষ্টি হয়। প্ৰশাসনে এই অঞ্চলটো কন্টেইনমেন জ'ন হিচাপে ছীল কৰি দিয়ে। লগতে অঞ্চলটো ছেনিটাইজেচন কৰে। মৃতকৰ শৰীৰৰ পৰা স্বাৱ নোলোৱাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :মঙলদৈত বান বিধস্ত অঞ্চল পৰিদৰ্শন ৰিপুন বৰাৰ

ABOUT THE AUTHOR

...view details